অসমপৰিৱেশপ্ৰাকৃতিক দুৰ্যোগ

ফেচবুকত চিনাকী প্ৰেমিকৰ প্ৰতাৰণাৰ বলি অসহায় শিক্ষয়িত্ৰী

প্ৰায় দুবছৰৰ পূৰ্বে ফেচবুকৰ জৰিয়তে চিনাকী হোৱা দুয়োজন ব্যক্তিৰ মাজত গঢ়ি উঠিছিল প্ৰেমৰ মধুৰ সম্পৰ্ক

প্ৰথমে ফেচবুকত চিনাকী। তাৰপাছত ফেচবুকতে প্ৰেমৰ আৰম্ভণি। অৱশেষত প্ৰেমৰ ভয়ংকৰ পৰিণতি। ফেচবুক প্ৰেমে সংঘটিত কৰিলে মৰেল পুলিচৰ ঘটনা।

প্ৰেম হৈছে এক সুকীয়া অনুভূতি। প্ৰেমে নামানে কোনো বাধা। প্ৰেম কি, মানুহৰ জীৱনলৈ কেনেকৈ আহে সেয়া প্ৰেমত নপৰিলে ক’বলৈ টান। তেনেকুৱা এক ঘটনা সংঘটিত হ’ল নগাঁৱত। ডবকাৰ পূব যমুনাগাঁৱৰ আব্দুৰ ৰব নামৰ এজন যুৱকে ফেচবুকৰ জৰিয়তে চিনাকী হৈছিল নগাঁৱৰ জুৰীয়াৰ এগৰাকী মহিলাৰ সৈতে। পেছাত শিক্ষয়িত্ৰী মহিলাগৰাকী।

প্ৰায় দুবছৰৰ পূৰ্বে ফেচবুকৰ জৰিয়তে চিনাকী হোৱা মহিলাগৰাকী আৰু যুৱকজনৰ মাজত গঢ়ি উঠিছিল প্ৰেমৰ মধুৰ সম্পৰ্ক। যুৱক জনৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠাত পূৰ্বৰ স্বামীৰ সৈতেও বিবাহ বিচ্ছেদ কৰিছিল মহিলা গৰাকীয়ে। যুৱকজনে প্ৰেমৰ জালত পেলাই মহিলা গৰাকীৰ পৰা লুটিছিল লাখ-লাখ টকা। মহিলা গৰাকীক প্ৰতাৰণা কৰি চৌদী আৰৱলৈ গৈছিল যুৱকজন। কিন্তু ধৃত যুৱকজন চৌদী আৰৱৰ পৰা ঘৰলৈ অহাৰ খবৰ পাই লগ কৰিবলৈ গৈছিল প্ৰেমিকা মহিলা গৰাকী।

কিন্তু লগ ধৰিবলৈ যোৱাৰ সময়তে সুযোগ বুজি আব্দুৰ ৰবৰ পৰিয়ালৰ লোকে গছত বান্ধি গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে দুৰ্ভগীয়া মহিলাগৰাকীক। স্থানীয় লোকে এই ঘটনা পৰিলক্ষিত কৰি ততাতৈয়াকৈ খবৰ দিয়ে আৰক্ষীক। পৰৱৰ্তী সময়ত ঘটনাস্থলীত মোৰাঝাৰ আৰু দেৱস্থান আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে অসহায় মহিলাগৰাকীক।

অৱশ্যে, আৰক্ষী অহাৰ উমান পাই পলায়ন কৰে আব্দুৰ ৰবসহ আন অভিযুক্ত। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে মহিলা গৰাকীক উদ্ধাৰ কৰাৰ লগতে আব্দুৰ ৰবৰ মাতৃক আটক কৰিবলৈ সক্ষম হয়। আজি আৰক্ষীয়ে ডবকাৰ ৰৌৱাৰপাৰৰ পৰা প্ৰতাৰক প্ৰেমিক আব্দুৰ ৰবক আটক কৰে। অভিযুক্তক আটক কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.