Government Scheme

শ্ৰমিক সকললৈ সুখবৰ, এতিয়াৰ পৰা শ্ৰমিকে পাব এইসমূহ চৰকাৰী সুবিধা…

ভাৰতবৰ্ষত মুঠ ৩৮ কোটি অসংগঠিত শ্ৰমিক আছে। বৰ্তমানলৈকে দেশৰ ১কোটি ৩০ লাখ শ্ৰমিকে ইয়াৰ বাবে কৰিছে আবেদন

শ্ৰমিক সকললৈ সুখবৰ। এতিয়াৰ পৰা দেশৰ শ্ৰমিকে চৰকাৰৰ পৰা পোনপটীয়াকৈ লাভ কৰিব সকলো সুবিধা।

শ্ৰমিকসকলৰ বাবে মুকলি কৰা হৈছে ই- শ্ৰম নামৰ এটা পৰ্টেল। এই প’ৰ্টেলত ১৬ ৰ পৰা ৫৯ বছৰৰ সকলো শ্ৰমিকে আবেদন কৰিব পাৰিব। আবেদনৰ সময়ত দিব লাগিব আধাৰ কাৰ্ড, বেংক পাছবুক আৰু ফোন নম্বৰ। আবেদন কৰাৰ পিছতে হিতাধিকাৰীৰ নামত পঞ্জীয়ন হ’ব ২ লাখ টকাৰ বীমা।

উল্লেখযোগ্য যে, ভাৰতবৰ্ষত মুঠ ৩৮ কোটি অসংগঠিত শ্ৰমিক আছে। বৰ্তমানলৈকে দেশৰ ১কোটি ৩০ লাখ শ্ৰমিকে ইয়াৰ বাবে কৰিছে আবেদন।

অসমত মুঠ ৫ লাখ শ্ৰমিকে আবেদন কৰিছে। দেশৰ অৰ্থনৈতিক ক্ষেত্ৰত আগুৱাই নিয়াৰ ক্ষেত্ৰত শ্ৰমিক সকলৰ যথেষ্ট অৰিহণা আছে। শ্ৰমিকক সকলো সুবিধা দিবৰ বাবেই দিয়া হৈছে এই ই-শ্ৰম কাৰ্ড।

আজি শংকৰদেৱৰ কলাক্ষেত্ৰৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত কেন্দ্ৰীয় ৰাজ্যিক শ্ৰম আৰু নিয়োগ মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু অসমৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰী সঞ্জয় কিষানে ই-শ্ৰম পঞ্জীয়ন মুকলি কৰি আনুষ্ঠানিকভাৱে ই-শ্ৰম কাৰ্ড প্ৰদান কৰে। মুঠৰ ওপৰত শ্ৰমিক সকলক সুবিধা প্ৰদানৰ বাবেই ভাৰত চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight − one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.