Assamassam policeCMO AssamGovernment SchemeHimanta Biswa SarmaInternationalleatest updatenationalnorth eastRegionalSocialSocial Networkঅসমঅসম আৰক্ষীআঞ্চলিকদৈনিক বাতৰি

Party All Night

আক্ৰমণৰ বলি আৰক্ষী কনিষ্টবল

সুৰাৰ ৰাগিত মাতাল সুন্দৰী নায়িকা!প্ৰকৃততে কি হৈছিল Late Night Partyত?
সামাজিক মাধ্যমত ভিন্ন বিলাসী জীৱন-যাপন কৰা সময়ৰ ফটো শ্বেয়াৰ । ঘটনাৰ ২৪ ঘণ্টাৰ পিছতে নতুন মোৰ লৈছে এই কাণ্ডই। Late Night Party প্ৰাক বৈবাহিক জীৱনৰ পাৰ্টি দিয়া অভিনেত্ৰী-ব্যৱসায়ীৰ কাণ্ডই এতিয়া তোলপাৰ লগাইছে ৰাজ্য। বেলতলাৰ The Echo BAR কাণ্ডৰ মুল ৩ অভিযুক্তক নিশাই মুকলি কৰিলে বশিষ্ঠ আৰক্ষীয়ে । কেৱল জাননী জাৰি কৰি তিনিওকে যাবলৈ দিয়ে বশিষ্ঠ আৰক্ষীয়ে। তিনি অভিযুক্ত ক্ৰমে কৃশানু লহকৰ, অংকুৰ দত্ত আৰু দেৱকান্ত দেৱনাথৰ বিৰুদ্ধে ২৬৭/২৪ ,২৬৮/২৪ ,২৬৯/২৪ত ৰুজু হৈছিল গোচৰ। বেলতলা The Echo BARত দেওবাৰে পুৱতি নিশা সুৰাৰ ৰাগিত মাতাল সুন্দৰী অভিনেত্ৰী গেঙৰ হাতত আক্ৰমণৰ বলি হৈছিল আৰক্ষী। বশিষ্ঠ থানাৰ এগৰাকী কনিষ্টবলক ম’বিল ঢালি জ্বলাবলৈ উপক্ৰম হৈছিল ৫ অভিযুক্তই । প্ৰথমে প্ৰচণ্ড চৰ, গোৰ, ঘোচাত তাৰ পিছত নিশালৈ সুৰাৰ ৰাগিত মাতাল হৈ থকা গুণ্ডাৰ দলটোৱে আৰক্ষী জোৱান প্ৰদীপ বসুমতাৰীক ম’বিল ঢালি জ্বলাই দিয়াৰ অপচেষ্টা কৰিছিল। বশিষ্ঠ থানাৰ আৰক্ষী ৰঞ্জন ৰয়কো আক্ৰমণ কৰে গুণ্ডাৰ দলটোৱে। তাৰ পিছতে সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ। দেওবাৰে দিনৰ ভাগতে ২ সুন্দৰী অভিনেত্ৰীক আৰক্ষীয়ে দিছিল যাবলৈ, কিন্তু ৩ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। কিন্তু পৰৱৰ্তী সময়ত নিশাই ৩ অভিযুক্ত যাবলৈ এৰি দিলে বশিষ্ঠ আৰক্ষীয়ে। এতিয়া প্ৰশ্ন হৈছে সুন্দৰী গেঙৰ হাতত প্ৰহাৰৰ বলি হৈ অসম আৰক্ষীৰ কনিষ্টবল গৰাকীও আছিল নেকি দোষী? কোন সঁচা কোন মিছা? প্ৰকৃততে কাৰ দোষ আছিল? যদি আৰক্ষীগৰাকীৰ ভুল আছিল তেনেহলে আৰক্ষী কনিষ্টবলগৰাকীয়ে ন্যায় পাবনে ?

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 − 2 =

Back to top button