Assamassam policeCity newsCMO AssamGovernment SchemeHimanta Biswa Sarmaআঞ্চলিকদৈনিক বাতৰি

পথৰ মেৰামতিৰ কামত ব্যস্ত এজন জোৱান

সামাজিক মাধ্যমত ভাইৰেল জোৱানজনৰ ব্যতিক্ৰমী পদক্ষেপ

শিলচৰৰ এগৰাকী যানবাহন আৰক্ষীৰ মহানুভৱতা, যানজঁট নিয়ন্ত্ৰণৰ লগতে পথ মেৰামতিত ব্যস্ত এজন জোৱান । মেহেপুৰৰ আৰক্ষী জোৱান ৰাজেশ সিনহাৰ উদাৰতা ।সামাজিক মাধ্যমত ভাইৰেল জোৱানজনৰ এই পদক্ষেপ । শিলচৰ মেডিকেলৰ মেহেপুৰ অঞ্চলৰ পথছোৱা দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত আছে।পথছোৱাত প্ৰকাণ্ড প্ৰকাণ্ড গাতৰ বাবে প্ৰতিদিনেই সৃষ্টি হয় যানযঁটৰ । পথত থকা গাতৰ বাবে যানযঁটৰ লগতে পথচাৰী সকলৰ অসুবিধা প্ৰত্যক্ষ কৰি কৰ্তব্যৰত জোৱানজনে নামি পৰে পথ মেৰামতিত ।হাতত বেলচা লৈ পথৰ কাষত থকা মাটিৰে গাত মেৰামতি কৰাত । পথৰ মেৰামতিৰ কামত দেখা গ’ল জোৱানজনক ।সম্প্ৰতি এই দৃশ্য ছ’ছিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছত আৰক্ষী জোৱানৰ এনে পদক্ষেপৰ সলাগ লৈছে ৰাইজে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.