অসমআঞ্চলিক

‘আমাক সহায় কৰক’, ‘আমাক জিয়াই থাকিবলৈ দিয়ক’!

চামগুৰিৰ এটি দৰিদ্ৰ পৰিয়ালৰ কৰুণ গাথাঁ

নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত তেলিয়া আমনিগাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালৰ কৰুণ গাথাঁ। টকাৰ অভাৱত বঞ্চিত উন্নত চিকিৎসাৰ পৰা পৰিয়ালটি। সাহাৰ্য্য বিচাৰি কাতৰ আহ্বান দুৰ্ভগীয়া পৰিয়ালটিৰ। পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনক্ষম ৩৫ বছৰীয়া যতীন নাথ ওৰফে পাপু নামৰ দিনহাজিৰা কৰা যুৱকজন সম্প্ৰতি কঁকাল ভাঙি ঘৰতে হৈ আছে শৰ্য্যাগত ৷

 

আৰ্থিক অনাতনৰ বাবেই যোৱা ৮ অক্টোবৰত জি এম চি এইট্ছৰ পৰা আধৰুৱা চিকিৎসাৰে ঘৰলৈ উভতিব লগা হ’ল পাপু ৷ দিন হাজিৰা নকৰিলে এসাজ খাবলৈ নোপোৱা পৰিয়ালটোৰ একমাত্ৰ আশা ভৰসাৰ স্থল পাপুৰ উন্নত চিকিৎসাৰ বাবে এতিয়া প্ৰয়োজন বৃহৎ ধনৰাশিৰ। সাহাৰ্য্য বিচাৰি সুহৃদজনলৈ কাতৰ আহ্বান পৰিয়ালটিৰ ৷ ‘আমাক সহায় কৰক’ ,’আমাক জিয়াই থাকিবলৈ দিয়ক’ বুলি অশ্ৰুসিক্ত নয়নেৰে পাপু আৰু তেঁওৰ পত্নীয়ে উন্নত চিকিৎসাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তলৈ সংবাদ মাধ্যমৰ জৰিয়তে বিচাৰিছে সহায় ভিক্ষা ৷

 

পাঁচ বছৰীয়া এজনী কন্যা সন্তানৰ পিতৃ যতিন নাথৰ উন্নত চিকিৎসাৰ বাবে বৰ্তমান প্ৰয়োজন বহু লক্ষাধিক টকাৰ ৷ চৰকাৰ,প্ৰশাসনৰ লগতে কোনো সুহৃদয় লোকে যতিন নাথৰ উন্নত চিকিৎসাৰ বাবে আৰ্থিক ভাবে সহায় কৰিবলৈ lFSC SBlN0002119, একাউণ্ট নম্বৰ 40558507675 আৰু 8761014691 ফোন নম্বৰত যোগাযোগ কৰিব বাবে পৰিয়ালৰ লোকে জনাইছে অনুৰোধ ৷

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen + 13 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.