AssamCity newsnationalpoliticalঅসমগুৱাহাটীদিল্লীদৈনিক বাতৰিভাৰতৰাজনৈতিক

আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ৯৯ সংখ্যক জন্মবাৰ্ষিকী, জন্মজয়ন্তীত শ্ৰদ্ধাৰে সুৱৰিছে দেশবাসীয়ে…..

দেশৰ দশম প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক ৯৯ সংখ্যক জন্মজয়ন্তীত শ্ৰদ্ধাৰে সুৱৰিছে দেশবাসীয়ে।

পুৱাৰে পৰা দিল্লীত থকা প্ৰয়াত বাজপেয়ীৰ স্মৃতিস্থল ‘সদেইব অটল’ত প্ৰাক্তন প্ৰধানমন্ত্ৰীজনক শ্ৰদ্ধাৰ্ঘ অৰ্পন কৰে বিভিন্নজনে।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূ, উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি কেইবাজো গণ্য–মান্য ব্যক্তিয়ে প্ৰয়াত অটল বিহাৰী বাজপেয়ীজীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

১৯২৪ চনৰ আজিৰ দিনটোতেই জন্মগ্ৰহণ কৰা অটল বিহাৰী বাজপেয়ী এগৰাকী ৰাজনীতিবিদ হোৱাৰ লগতে এজন উচ্চমানৰ কবিও আছিল।

১৯৯৬ চনত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত উপবিষ্ট হৈছিল বাজপেয়ী।

প্ৰথমতে ১৩ দিনৰ কাৰণে প্ৰধানমন্ত্ৰীত্ব, তাৰ পিছত ১৯৯৮ চনৰ পৰা ১৯৯৯ চনৰ ভিতৰত ১৩ মাহৰ কাৰণে প্ৰধানমন্ত্ৰীৰ আসন শুৱনি কৰিছিল প্ৰয়াত অটল বিহাৰী বাজপেয়ীয়ে।

১৯৯৯ চনত পুনৰ বিপুল জনমতেৰে ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ ২০০৪ চনলৈ পূৰ্ণ কাৰ্যকাল সম্পূৰ্ণ কৰে।

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ এজন নিষ্ঠাবান কৰ্মী হিচাপে সামাজিক জীৱন আৰম্ভ কৰা বাজপেয়ীজী জীৱনকালতে দেশৰ ৰাজনীতিৰ এজন কিম্বদন্তীলৈ ৰূপান্তৰিত হয়।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 + 10 =

Back to top button