Asian gamesCricketInternationalInternationalleatest updatenationalSportsworld cupআন্তঃৰাষ্ট্ৰীয়ক্ৰিকেটখেলদৈনিক বাতৰিভাৰত

T20 WorldCup2024 হাৰ্দিক আৰু শিৱম ডুবেৰ মাজত কোনে হ’ব টিম ইণ্ডিয়াৰ সদস্য?

টি-২০ বিশ্বকাপত ভাৰতীয় দলত দুই অল-ৰাউণ্ডাৰ হাৰ্দিক আৰু ডুবেৰ মাজত কোনে স্থান লাভ কৰিব তাক লৈ প্ৰশ্ন উত্থাপন হৈছে।

জুন মাহত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ। তাৰ আগতে প্ৰাক্তন ক্ৰিকেটাৰ সকলে টিম ইণ্ডিয়া সন্দৰ্ভত নিজৰ মতামত দিছে। শেহতীয়াকৈ শিৱম ডুবেই আফগানিস্তানৰ বিৰুদ্ধে টি-২০ শৃংখলাত উজ্জ্বল প্ৰদৰ্শন কৰি টি-২০ বিশ্বকাপ দলৰ বাবে নিজৰ দক্ষতাৰ পৰিচয় দাঙি ধৰিছে। এনে পৰিস্থিতিত টি-২০ বিশ্বকাপত ভাৰতীয় দলত দুই অল-ৰাউণ্ডাৰ হাৰ্দিক আৰু ডুবেৰ মাজত কোনে স্থান লাভ কৰিব তাক লৈ প্ৰশ্ন উত্থাপন হৈছে।
এই সন্দৰ্ভত প্ৰাক্তন ক্ৰিকেটাৰ তথা কমেন্তেটৰ আকাশ চোপ্ৰাই ইতিমধ্যে নিজৰ মতামত দিছে। আকাশ চোপ্ৰাৰ মতে হাৰ্দিক আৰু ডুবে দুয়োজনেই ভাৰতীয় দলত সুযোগ পাব পাৰে। নিজৰ ইউটিউব চেনেলৰ বিশেষ এটা অনুষ্ঠানত আকাশ চোপ্ৰাই নিজৰ মতামত দিছে।

আকাশ চোপ্ৰাই নিজৰ মতামত প্ৰকাশ কৰি কয় যে , মই অনুভৱ কৰিছিলো যে তৃতীয়খন মেচত তেওঁক অলপ আগতীয়াকৈ বেটিং কৰিবলৈ পঠিওৱা হৈছিল, তেওঁ আক্ৰমণাত্মক হোৱাৰ বাবে সঞ্জু চেমচন বা ৰিংকু সিঙক আগুৱাই পঠিয়াব পাৰিলেহেঁতেন। লগতে উল্লেখ কৰে যে শিৱম ডুবে ৰ প্ৰদৰ্শনত প্ৰাক্তন ক্ৰিকেট তাৰকা য়ুৱৰাজ সিংৰ দক্ষতা প্ৰতিফলিত হয়।

আকাশ চোপ্ৰাই কয়‌ যে প্ৰথম দুখন মেচত যি ধৰণে দুৰ্দান্ত প্ৰদৰ্শন দেখা গ’ল তাত স্পষ্টকৈ দেখা পোৱা যায় যে তেওঁ যথেষ্ট প্ৰতিভাশালী। আনকি একাংশই কৈছে যে হাৰ্দিকক এফালে এৰি দিলে ডুবে টি-২০ বিশ্বকাপৰ শ্ৰেষ্ঠ প্ৰাৰ্থী হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 − seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.