leatest updateঅসমগুৱাহাটীদৈনিক বাতৰিসংস্কৃতি

অৱশেষত অন্ত পৰিল বহু প্ৰতীক্ষাৰ! কাইলৈ মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ।

পূৰ্ণতা লাভ কৰিব গুৰুজনাৰ জন্মস্থান নাৰায়ণপুৰৰ বহু প্ৰতীক্ষিত মাধৱদেৱ কলাক্ষেত্ৰই।

বুধবাৰ অৰ্থাৎ কাইলৈ হিমন্ত বিশ্ব চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি। চৰকাৰৰ এই বৰ্ষপূৰ্তিৰ দিনটোতেই মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ জন্মস্থান নাৰায়ণপুৰত মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাই ৰাইজৰ বাবে মুকলি কৰিব শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ৷ অনুস্থানক লৈ সাংসদ পল্লৱলোচন দাস, বিধায়ক অমিয় কুমাৰ ভূঞা, সত্ৰাধিকাৰ শ্ৰীশ্ৰী জনাৰ্দন দেৱগোস্বামীৰ নেতৃত্বত চলিছে ব্যাপক প্ৰস্তুতি। মুখ্যমন্ত্ৰীৰ আগমনক লৈয়ো আঞ্চলটোত এতিয়া উখল মাখল পৰিৱেশে বিৰাজ কৰা দেখা গৈছে।

গুৰুজনাৰ জন্মস্থান নাৰায়ণপুৰৰ লগতে উত্তৰপৰীয়া ৰাইজৰ ধৰ্মীয় আৱেগ জড়িত বহু প্ৰতীক্ষিত কলাক্ষেত্ৰখনে পূৰ্ণতা লাভ কৰাৰ বাতৰিয়ে আনন্দিত কৰি তুলিছে সৰ্বস্তৰ ৰাইজক৷ সকলোৰে মুখত এতিয়া সন্তোষ্টিৰ হাঁহি।

উল্লেখ্য যে, গুৰু মাধৱদেৱৰ সৃষ্টিৰাজিৰ প্ৰচাৰ প্ৰসাৰৰ লগতে আধ্যাত্মিক চিন্তা চেতনাৰে যুগ যুগান্তলৈ এখন শক্তিশালী অসমীয়া সমাজ গঢ়াত অৰিহনা যোগাব এই কলাক্ষেত্ৰখনে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.