Socialসাহিত্য

অসমীয়া সাহিত্য জগতলৈ সুখবৰ! আমেৰিকালৈ আমন্ত্ৰিত বিশিষ্ট সাহিত্যিক ময়ূৰ বৰা…

অসমীয়া আৰু ইংৰাজী ভাষাত ইতিমধ্যে ১৬খন চিন্তাৰ খোৰাক যোগোৱা গ্ৰন্থ ৰচনা কৰিছিল ময়ূৰ বৰাই

অসমীয়া সাহিত্য জগতৰ এখনি চিনাকি মুখ। বৌদ্ধিক ক্ষেত্ৰখনত আগবঢ়োৱা অনবদ্য অৱদানৰ লগতে অসমীয়া সাহিত্য জগতৰ ভঁৰাল চহকী কৰি গৌৰৱৰ অধিকাৰী হোৱা লেখক ময়ুৰ বৰাৰ বিষয়ে আমি সকলোৱে জানো। সাহিত্যিক ময়ূৰ বৰাই অসমবাসীৰ বাবে কঢ়িয়াইছে গৌৰৱ।

গৌৰৱৰ কথা যে,  ২৭ ছেপ্টেম্বৰত ‘অসম আৰু অসমীয়াৰ গৰিমা’ বিষয়ক এক বক্তৃতা দিবলৈ বিশিষ্ট লেখক, চিন্তাবিদ ময়ূৰ বৰাক আমন্ত্ৰণ জনাইছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান নৰ্থ কেৰ’লিনা ষ্টেট ইউনিভাৰ্চিটিয়ে। বিশিষ্ট সাহিত্যিক গৰাকীয়ে বিশ্ববিদ্যালয়ৰ সন্মুখত ‘The glory of Assam and Assamese’ অৰ্থাৎ ‘অসম আৰু অসমীয়াৰ গৰিমা’ সম্পৰ্কীয় বক্তৃতা অনুষ্ঠানত অংশ ল’ব।

উল্লেখযোগ্য যে, অসমীয়া আৰু ইংৰাজী ভাষাত ইতিমধ্যে ১৬খন চিন্তাৰ খোৰাক যোগোৱা গ্ৰন্থ ৰচনা কৰা ময়ূৰ বৰাই ইয়াৰ পূৰ্বেও চলিত বৰ্ষৰ ১৩ ছেপ্টেম্বৰত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনস্থ “ইন্দিৰা গান্ধী নেছনেল চেণ্টাৰ ফৰ দ্য আৰ্টচে” আয়োজন কৰা বক্তৃতা অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ শীৰ্ষক এটি বক্তৃতা আগবঢ়াই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − two =

Back to top button