অভিনয়জীৱনশৈলীভাৰত

‘বালিকা বধু’ক মৰম দিবলৈ উভতি নাহে ‘দাদীসা’ সুৰেখা সিকৰি

শুকুৰবাৰে ৰাতিপুৱা হৃদযন্ত্ৰ বিকল হৈ আকস্মিকভাৱে মৃত্যুক সাৱটিলে অভিনেত্ৰীগৰাকীয়ে

ভাৰতবাসীক কন্দুৱাই পৰলোকলৈ গমন কৰিলে সুৰেখা সিকৰিয়ে। সুদক্ষ অভিনেত্ৰী সুৰেখা সিকৰিৰ মৃত্যুৱে অভিনয় জগতত পেলাইছে শোকৰ ছাঁ। শুকুৰবাৰে ৰাতিপুৱা হৃদযন্ত্ৰ বিকল হৈ আকস্মিকভাৱে মৃত্যুক সাৱটি লয় ৭৫ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে।

জনপ্ৰিয় অভিনেত্ৰী, তিনিবাৰৰ ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত সিকৰি বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত ব্ৰেইন ষ্ট্ৰোক হৈ চিকিৎসালয়ত ভৰ্তি হৈ আছিল। ‘তমস’, ‘মাম্মো’, ‘সালিম লংৰে পে মত ৰ”, ‘জুবেইদা’, ‘বধাই হো’ আৰু ‘বালিকা বধু’ আদিৰ দৰে বহুকেইখন জনপ্ৰিয় হিন্দী চিনেমা, ধাৰাবাহিকত অভিনয় কৰা সুৰেখা সিকৰিৰ মৃত্যু যেন সকলোৰে বাবে অসহজ।

বিগত বৰ্ষত জয়া আখটাৰে পৰিচালনা কৰা এক সংকলনত অন্তিমবাৰৰ বাবে দেখা গৈছিল চিনেমা, ধাৰাবাহিকত সাৱলীল অভিনয়েৰে দৰ্শকৰ মন মুহিবলৈ সক্ষম হোৱা জনপ্ৰিয় অভিনেত্ৰী সুৰেখা সিকৰিক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.