Socialঅপৰাধঅসমঅসম আৰক্ষীদৈনিক বাতৰিভাৰতমহাৰাষ্ট্ৰমুম্বাই

প্ৰেয়সীৰ মৃতদেহ টুকুৰা- টুকুৰ কৰি কুকাৰত কৰিলে বইল!

পুনৰ এক নৃসংশ হত্যাকাণ্ডই জোকাৰি গ'ল দেশ....

এক নৃশংস হত্যাকাণ্ড! দিল্লীৰ শ্ৰদ্ধাৰ হত্যাকাণ্ডৰ পিছতেই মুম্বাইত সংঘটিত এক নৃশংস হত্যাকাণ্ডই পুনৰবাৰ জোকাৰি গৈছে দেশ। পুনৰ প্ৰেমিকে প্ৰেয়সীক হত্যা কৰা ঘটনা পোহৰলৈ অহাৰ পিছতেই এতিয়া দেশজুৰি চাঞ্চল্যই বিৰাজ কৰিছে।

মুম্বাইৰ মীৰা ৰোডত সংঘটিত হৈছে এই নৃশংস ঘটনা। ৫৬ বছৰীয়া এগৰাকী ব্যক্তিয়ে লিভ ইনৰ প্ৰেয়সীক টুকুৰা-টুকুৰ কৰি হত্যা কৰে। জানিব পৰা মতে, মৃতদেহটোৰ পৰা দুৰ্ঘন্ধ নোলাবলৈ মনোজে মৃতদেহৰ টুকুৰাবোৰ কুকাৰত বইল কৰে।

৫৬ বছৰীয়া ব্যক্তিজনৰ নাম মনোজ চাহানী বুলি জানিব পৰা গৈছে। বিগত তিনি বছৰৰ পৰা মুম্বাইৰ মীৰা ৰোডৰ গীতা আকাশ দীপ ভৱনৰ ৭০৪ নং ফ্লেটত লিভ ইনৰ প্ৰেয়সী সৰস্বতী বৈদ্যৰ সৈতে বাস কৰিছিল মনোজে।

বুধবাৰে পোহৰলৈ আহে সমগ্ৰ ঘটনা। ঘটনা পোহৰলৈ অহাৰ পিছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মনোজক। পৰৱৰ্তী সময়ত ঘৰটোত আৰক্ষী উপস্থিত হৈ আৰক্ষীয়ে মৃতদেহৰ গেলি-পচি যোৱা মৃতদেহৰ টুকুৰা সমুহ উদ্ধাৰ কৰে। কিহৰ বাবে সংঘটিত হ’ল এই হত্যাকাণ্ড এতিয়াও পোহৰলৈ অহা নাই প্ৰকৃত তথ্য।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − 4 =

Back to top button