অসমখাদ্যদৈনিক বাতৰি

অভাৱনীয় হাৰত বৃদ্ধি চাউলৰ দাম! গড়ে প্ৰতি কুইণ্টলত ১০০ৰ পৰা ২০০ টকা পৰ্যন্ত দাম বাঢ়িল চাউলৰ

অভাৱনীয় হাৰত বৃদ্ধি চাউলৰ দাম! গড়ে প্ৰতি কুইণ্টলত ১০০ৰ পৰা ২০০ টকা পৰ্যন্ত দাম বাঢ়িল চাউলৰ

পেট্ৰ’ল, ডিজেল, বিদ্যুতৰ মাচুল, শাক-পাচলিয়েই নহয়, অভাৱনীয় হাৰত বৃদ্ধি পাইছে এতিয়া চাউলৰ দামো। গড়ে প্ৰতি কুইণ্টলত ১০০ৰ পৰা ২০০ টকা পৰ্যন্ত দাম বাঢ়িল চাউলৰ। সাধাৰণ আয়জোন, ৰঞ্জিত, পৰিমলৰ পৰা আৰম্ভ কৰি  ৰামপাল, বাইছমুঠিলৈকে হোৰাহোৰে বাঢ়িছে এতিয়া চাউলৰ দাম।

তাৰ মাজতে হঠাৎ অভাৱনীয় হাৰত দাম বাঢ়িল আলু, পিঁয়াজ, আদা, নহৰুৰ। দাম বাঢ়িছে অতি প্ৰয়োজনীয় সামগ্ৰী মচুৰ দাইল, ৰহৰ দাইল, বুট, মগুৰ। অত্যাৱশ্যকীয় মূল্যবৃদ্ধিত এতিয়া জুৰুলা সৰ্বসাধাৰণ। এমাহৰ পূৰ্বে প্ৰতিকিলো আয়জোন চাউলৰ দাম আছিল ৩৫ৰ পৰা ৪০ টকা।

এতিয়া সেই চাউলৰ দাম হ’লগৈ ৪২ৰ পৰা ৪৬ টকা। ৰামপাল চাউলত দাম বাঢ়িল প্ৰতিকিলো ৫ টকাকৈ। ৰহৰ দাইল–১২০, মচুৰ দাইল–৮৫, একেদৰে এমাহৰ ভিতৰতে আদা, নহৰু প্ৰতিকিলোত এতিয়া ১৮০ৰ পৰা ২০০টকা। কিন্তু প্ৰশ্ন হয়, কিয় হঠাৎ বৃদ্ধি পালে দাম। দাম বৃদ্ধি পোৱাৰ পিছতো এতিয়াও কিয় মৌন যোগান বিভাগ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 5 =

Back to top button