অসমভাৰতৰাজনৈতিক

২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অসমৰ বিভিন্ন স্তৰৰ ব্যক্তিৰ সৈতে মতবিনিময় সৰসংঘ চালক ভাগৱতৰ

২৬ নিৰ্বাচনত বিজেপিক বিশেষ সহায়ক হ'ব মোহন ভাগৱতৰ এই অসম ভ্ৰমণ

দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত হয় ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক মোহন ভাগৱত। ২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অসমৰ বিভিন্ন স্তৰৰ ব্যক্তিৰ সৈতে মতবিনিময় সৰসংঘ চালক ভাগৱতৰ। গুৱাহাটীত অনুষ্ঠিত মতবিনিময় অনুষ্ঠানত ভাগৱতৰ মন্তব্য, “RSSক লৈ চলা অপপ্ৰচাৰৰ উত্তৰ দিয়া বন্ধ কৰিছোঁ, যাৰ ফলত আমাৰ লাভ হৈছে। সমালোচনা হৃদয়ংগম কৰিব পৰা হৈছে RSS, RSS ক লৈ চলা অপপ্ৰচাৰৰ উত্তৰ এতিয়া দিয়া নহয়, যাৰ ফলত লাভ হৈছে RSS ৰ।” বুধবাৰে গুৱাহাটীৰ সুদৰ্শনালয়ত অনুষ্ঠিত যুৱ সমাৰোহত এই মন্তব্য ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক মোহন ভাগৱতৰ। ভাগৱতৰ মতে, “ভাৰতক পৃথককৈ হিন্দু ৰাষ্ট্ৰ ঘোষণাৰ প্ৰয়োজন নাই। ভাৰতীয় বুলি নিজকে গৌৰৱ কৰা প্ৰতিজনেই হিন্দু।”

মোহন ভাগৱতৰ মতে, ভাৰতত চাৰি প্ৰকাৰৰ হিন্দু আছে। প্ৰথম প্ৰকাৰৰ হিন্দুৱে নিজকে হিন্দু বুলি কৈ গৌৰৱ কৰে। দ্বিতীয় প্ৰকাৰৰ হিন্দুৱে হিন্দু আছিলোঁ, হিন্দু হৈ থাকিম বুলি ভাবে। তৃতীয় প্ৰকাৰৰ হিন্দুৱে নিজকে হিন্দু বুলি অজান কাৰণত চিনাকি দিব নিবিচাৰে। চতুৰ্থ প্ৰকাৰৰ খিনি ৰেডিকেল, হিন্দু হৈয়ো ব্যভিচাৰী হৈ পৰিছে।

যুৱ সমাৰোহত ভাগৱতৰ মন্তব্য, “ভাৰতত ভ্ৰষ্টাচাৰী কমাবলৈ প্ৰতিজন লোক সংস্কাৰী হ’ব লাগিব। মই ঘোচ নিদিও আৰু নলও, দুয়োটা সমানে চলিব লাগিব। অন্যথা এণ্টি কৰাপশ্যনৰ কৰাপশ্যন ৰোধিবলৈ আৰু এটা এণ্টি কৰাপশ্যন খুলিব লাগিব।”

অসমত চলি থকা ধৰ্মান্তৰকৰণ ৰোধ সন্দৰ্ভতো মন্তব্য সংঘৰ সৰসংঘচালক মোহন ভাগৱতৰ। “প্ৰলোভনেৰে এটা ধৰ্মৰ লোকক বেলেগ ধৰ্মলৈ নিয়া বেআইনী।”

এনেদৰেই দুদিনীয়া কাৰ্যসূচীৰে অসমৰ বিভিন্ন স্তৰৰ ব্যক্তিৰ লগতে, যুৱ সমাজৰ সৈতে মতবিনিময় কৰি এই মন্তব্য RSS ৰ সৰসংঘচালক মোহন ভাগৱতৰ। ২৬ নিৰ্বাচনত বিজেপিক বিশেষ সহায়ক হ’ব মোহন ভাগৱতৰ এই অসম ভ্ৰমণ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.