অভিনয়অসমবোলছবিশিল্পীসংগীতসংস্কৃতি

মুখ্যমন্ত্ৰীয়ে চোৱা নাই ‘ৰৈ ৰৈ বিনালে’

সংবাদ মাধ্যমৰ আগত সদৰি কৰিলে মন্তব্য

সৰ্বত্ৰে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবী। প্ৰাণৰ শিল্পী গৰাকীৰ জন্মদিনৰ দিনাও অনুৰাগীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবী উত্থাপন কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়ায় যে, “জুবিনক ন্যায় বিজেপিয়ে দিব! এই কথা অসমৰ মানুহে বুজি পালে!” পুনৰবাৰ এই দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ মুখ্যমন্ত্ৰীৰ মতে, “এতিয়া আৰু কোনেও জুবিন ইছ্যু হাইজেক কৰিব নোৱাৰে৷”
জুবিন গাৰ্গৰ মৃত্যু তদন্তৰ অভিযোগনামা ১০ ডিচেম্বৰৰ ভিতৰত দাখিল কৰাৰ কথাও দোহাৰে মুখ্যমন্ত্ৰীয়ে ৷ মুখ্যমন্ত্ৰীৰ মতে-
“১০ ডিচেম্বৰৰ পিছত বিৰোধীৰ মাত বন্ধ হৈ যাব৷ অসমৰ নিৰ্বাচনত আমি ‘ক্লীন ছুইপ’ কৰিম৷ গৌৰৱ গগৈয়ে পাকিস্তানত গৈ নিৰ্বাচন খেলিব লাগিব৷”
মুখ্যমন্ত্ৰীৰ মতে, “বিৰোধীৰ আন্দোলন আছিল ‘মিঞা’ৰ সুৰক্ষাৰ বাবেহে, জুবিনৰ প্ৰতি মৰমত নাছিল বিৰোধীৰ আন্দোলন৷
মুখ্যমন্ত্ৰীৰ মুখত পুনৰ উচ্চাৰিত হ’ল জুবিনৰ ধৰ্মৰ প্ৰসংগও৷

এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে চোৱা নাই জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ৷ ছবিখন নোচোৱাক লৈ হোৱা চৰ্চা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য- “মই মুখ্যমন্ত্ৰী, কি কাম কেতিয়া কৰিব লাগে জানো৷”

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 + seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.