অসমআন্তঃৰাষ্ট্ৰীয়বিশ্বভাৰত

দাৰ্জিলিং চাহৰ পৰা অসমৰ গামোচালৈ – কি এই GI Tag?

GI Tag আচলতে কি ? কোনে দিয়ে এই স্বীকৃতি ? আৰু কিয় ইমান গুৰুত্বপূৰ্ণ ?

আপুনি কেতিয়াবা GI Tag নামটো শুনিছে নেকি? অসমৰ গামোচা, মুগা ৰেচম, জহা চাউল বা বিশ্ববিখ্যাত দাৰ্জিলিং চাহৰ নামৰ সৈতে প্ৰায়েই GI Tag ৰ কথা শুনিবলৈ পোৱা যায়। কিন্তু এই GI Tag আচলতে কি ? কোনে দিয়ে এই স্বীকৃতি ? আৰু কিয় ইমান গুৰুত্বপূৰ্ণ ?

GI Tag ৰ সম্পূৰ্ণ নাম হৈছে GEOGRAPHICAL INDICATION TAG, অৰ্থাৎ ভৌগোলিক পৰিচয় চিহ্ন।

এয়া এক বিশেষ বৌদ্ধিক সম্পত্তি অধিকাৰ বা Intellectual Property Right, যি কোনো নিৰ্দিষ্ট ভৌগোলিক অঞ্চলৰ সৈতে জড়িত বিশেষ গুণ, খ্যাতি বা বৈশিষ্ট্য থকা সামগ্ৰীক প্ৰদান কৰা হয়। কোনো সামগ্ৰীৰ বিশেষত্ব যদি তাৰ উৎপত্তিস্থলৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত থাকে, তেন্তে সেই সামগ্ৰীয়ে GI Tag লাভ কৰিব পাৰে।

সহজ ভাষাত ক’বলৈ গ’লে, কোনো সামগ্ৰী যদি কেৱল এখন বিশেষ ঠাইত উৎপাদিত হোৱাৰ বাবেই বিশ্বজুৰি পৰিচিত হয়, তেন্তে সেই সামগ্ৰীক GI Tag দিয়া হয়।

 

উদাহৰণস্বৰূপে—

অসমীয়া গামোচা, পেঁপা, জাপি, ঢোল, কাঁহ শিল্প, পানী মেটেকা শিল্প, মাজুলীৰ সাঁচিপাতৰ চিত্ৰকলা, আশাৰীকান্দীৰ টেৰাকোটা শিল্প , কাজিনেমু, জহা চাউল,  জুডিমা, দাৰ্জিলিং চাহ, বাচমতী চাউল, কাঞ্চিপুৰম চিল্ক, নাগপুৰৰ কমলা, ক’লহাপুৰী চেন্দেল,  আদি সামগ্ৰীয়ে GI Tag লাভ কৰিছে।

জানো আহক কোনে দিয়ে GI Tag ?….

ভাৰতত GI Tag প্ৰদান কৰে চেন্নাইস্থিত Geographical Indications Registry-এ। এই সংস্থাটো বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্থ Department for Promotion of Industry and Internal Trade (DPIIT)-ৰ তত্ত্বাৱধানত কাম কৰে। কোনো সামগ্ৰীৰ উৎপাদকৰ সংগঠন, সমবায় সমিতি বা সংশ্লিষ্ট সংস্থাই আবেদন জনোৱাৰ পিছত বিশেষজ্ঞসকলে ঐতিহাসিক, বৈজ্ঞানিক আৰু ভৌগোলিক তথ্য পৰীক্ষা কৰি সিদ্ধান্ত গ্ৰহণ কৰে।

 

কোনে দিয়ে GI Tag ?…

প্ৰথমে উৎপাদক বা উৎপাদকৰ সংগঠনে আবেদন দাখিল কৰে। আবেদনত সামগ্ৰীৰ ইতিহাস, বিশেষ গুণ, উৎপাদন পদ্ধতি, ভৌগোলিক সীমা আৰু প্ৰমাণসমূহ দাখিল কৰিব লাগে। তাৰ পিছত বিশেষজ্ঞসকলে সকলো তথ্য পৰীক্ষা কৰে। সকলো তথ্য সঠিক আৰু প্ৰমাণ কৰিব পৰা হ’লে আবেদন কৰা সেই সামগ্ৰীয়ে GI Tag লাভ কৰে।

 

কিমান গুৰুত্বপূৰ্ণ GI Tag ?

GI Tag কেৱল এটা সন্মান নহয়, ইয়াৰ বহুতো লাভ আছে।

প্ৰথমতে, ই সামগ্ৰীক আইনী সুৰক্ষা প্ৰদান কৰে। কোনো আন ব্যক্তি বা প্ৰতিষ্ঠানে সেই নাম ব্যৱহাৰ কৰি নকল সামগ্ৰী বিক্ৰী কৰিব নোৱাৰে।

দ্বিতীয়তে, ই উৎপাদকসকলৰ আয় বৃদ্ধি কৰাত সহায় কৰে। GI Tag লাভ কৰা সামগ্ৰীৰ চাহিদা দেশ-বিদেশত বৃদ্ধি পায় আৰু উৎপাদকসকলে অধিক মূল্য লাভ কৰে।

তৃতীয়তে, ই গ্ৰাহকক প্ৰকৃত আৰু মানসম্পন্ন সামগ্ৰী চিনাক্ত কৰাত সহায় কৰে। GI Tag থকা সামগ্ৰী কিনিলে গ্ৰাহকে সেই সামগ্ৰীৰ আসল উৎস আৰু গুণগত মানৰ নিশ্চয়তা লাভ কৰে।

চতুৰ্থতে, ই স্থানীয় সংস্কৃতি, ঐতিহ্য আৰু পৰম্পৰা সংৰক্ষণ কৰে। বহু শতাব্দী ধৰি চলি অহা শিল্প, কৃষি আৰু হস্তশিল্প GI Tag ৰ জৰিয়তে বিশ্বদৰবাৰত নতুন পৰিচয় লাভ কৰে।

পঞ্চমতে, GI Tag এ পৰ্যটন আৰু ৰপ্তানি বৃদ্ধিতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কোনো অঞ্চলৰ বিশেষ সামগ্ৰী বিশ্বজুৰি পৰিচিত হ’লে সেই অঞ্চলৰ অৰ্থনীতিও শক্তিশালী হয়।

 

ভাৰতত প্ৰথম GI Tag লাভ কৰিছিল বিশ্ববিখ্যাত দাৰ্জিলিং চাহে। ২০০৪-০৫ চনত  দাৰ্জিলিং চাহক GI স্বীকৃতি প্ৰদান কৰা হৈছিল।

 

GI Tag কিমান দিন বৈধ থাকে?

এবাৰ GI Tag লাভ কৰিলে ইয়াৰ বৈধতা ১০ বছৰ থাকে। তাৰ পিছত পুনৰ নবীকৰণ কৰিব পাৰি আৰু ১০ বছৰৰ বাবে সুৰক্ষা অব্যাহত ৰাখিব পাৰি।

সামগ্ৰীৰ গুণগত মান, ঐতিহ্য আৰু আঞ্চলিক পৰিচয় ৰক্ষা কৰাৰ ক্ষেত্ৰত GI Tag এক অমূল্য স্বীকৃতি। ই কেৱল এখন অঞ্চলৰ গৌৰৱ বৃদ্ধি নকৰে, বৰং উৎপাদকসকলক আৰ্থিকভাৱেও শক্তিশালী কৰি তোলে। সেইবাবেই আজিৰ বিশ্বায়নৰ যুগত GI Tag ক্ৰমাৎ অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে।

এতিয়া প্ৰশ্ন হ’ল – অসমৰ কোন কোন সামগ্ৰীয়ে ভৱিষ্যতে GI Tag লাভ কৰিব পাৰে? আৰু GI Tag লাভ কৰাৰ পিছতো আমি সেই ঐতিহ্যসমূহ সঠিকভাৱে সংৰক্ষণ কৰিব পাৰিছোনে?

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten + 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.