অসমচাকৰিচিকিৎসাস্বাস্থ্য

বন্ধ হ’ল MMCH! সামৰণি ঘটিল বহুতৰ কৰ্মজীৱনৰ..

২০২২ বৰ্ষৰ পহিলা দিনটোত বন্ধ হ'ল মহানগৰীৰ পুৰণি চিকিৎসালয় মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল

বন্ধ হ’ল ৩৮ বছৰ পুৰণি মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল৷

২০২২ বৰ্ষৰ পহিলা দিনটোত বন্ধ হ’ল মহানগৰীৰ পুৰণি চিকিৎসালয় মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল৷ সামৰণি ঘটিল বহুজনৰ কৰ্মজীৱনৰ। ১৯৮৪ চনত স্থাপিত হৈছিল চিকিৎসালয়খন।

চিকিৎসালয়খন বন্ধ হোৱাকলৈ স্বাভাৱিকতে আবেগিক হৈ পৰিছে চিকিৎসালয়ৰ চিকিৎসক স্বাস্থ্য কৰ্মীসকল৷ পিছে, ৰাজ্য চৰকাৰৰ সিদ্ধান্ত অনুসৰি পহিলা জানুৱাৰীৰ পৰা বন্ধ হ’ল চিকিৎসালয়খন৷

চিকিৎসালয়খন বন্ধৰ সিদ্ধান্ত স্থায়ী নহয়। চিকিৎসালয়খনৰ ভূমিত নতুনকৈ নিৰ্মাণ হ’ব এখন অত্যাধুনিক চিকিৎসালয়৷ ১৮ মহলীয়া যুক্ত হ’ব নতুন চিকিৎসালয়খন৷ চুপাৰ স্পেচিয়েলিটি হাস্পতাল ৰূপে গঢ় দিব প্ৰতিষ্ঠানখনক৷ L&P প্ৰতিষ্ঠানে নিৰ্মাণ কৰিব অত্যাধুনিক হাস্পতালখন৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − one =

Back to top button