Socialউৎসৱ

নিষিদ্ধ হ’ল আতচবাজী, এতিয়াৰে পৰা উৎসৱ-পাৰ্বণত ফুটাব নোৱাৰিব আতচবাজী

মিজোৰাম চৰকাৰে আনকি বৰদিন, নৱবৰ্ষত ব্যৱহৃত পুতলা বন্দুকো নিষিদ্ধ কৰিছে।

নিষিদ্ধ হ’ল ফটকা-আতচবাজী। এতিয়াৰে পৰা উৎসৱৰ বতৰত ফুটাব নোৱাৰিব ফটকা, জ্বলাব নোৱাৰিব আতচবাজী, আকাশবন্তি।

শনিবাৰে এই কথা ঘোষণা কৰিলে মিজোৰাম চৰকাৰে। মিজোৰাম চৰকাৰে আনকি বৰদিন, নৱবৰ্ষত ব্যৱহৃত পুতলা বন্দুকো নিষিদ্ধ কৰিছে।

আইজলৰ আৰক্ষী অধীক্ষক চি লালৰুয়াই কয় যে, ৰাজ্যিক আৰক্ষীৰ দ্বাৰা গঠিত এটা বিশেষ দলে মিজোৰামৰ দোকান আৰু গুদামৰ ওপৰত নিয়মীয়া পৰীক্ষা চলাই আছে।

উল্লেখ্য যে, প্ৰদূষণমুক্ত উৎসৱ উদযাপনৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে মিজোৰাম চৰকাৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 5 =

Back to top button