অসমজন্তুদুৰ্ঘটনাবন্যপ্ৰাণী

ভালুকৰ আতংকঃ ৫০ উৰ্ধৰ ব্যক্তি উপৰ্যোপৰি আক্ৰমণ চলালে ভালুকে

মুছলপুৰত ভালুকৰ আতংক

বাক্সাৰ মুছলপুৰত ভালুকৰ আতংক।

যোৱা দুদিন ধৰি এটা প্ৰকাণ্ড ভালুকে নিদ্ৰা হৰণ কৰিছে কৰিছে মুছলপুৰকে ধৰি ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজৰ। কেবাটাও পোহনীয়া গাহৰি মাৰি খাই অৱশেষত আজি ৰাতিপুৱাই ২ নং ভোগপাৰৰ এঘৰ মানুহৰ ঘৰৰ পিছফালে ভালুকটো চাবলৈ বুলি আহোতে আক্ৰমণ কৰিলে পূব বাংনাবাৰী নিবাসী চানাৰাম ব্ৰহ্ম নামৰ এজন ৫০ উৰ্ধৰ ব্যক্তিক। বুকু আৰু বাওঁভৰিত অতি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকজনক ততাতৈয়াকৈ ১০৮ মৃত্যুঞ্জয়ৰ জৰিয়তে মুছলপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

মানুহজনক আক্ৰমণ কৰিয়ে ভালুকটো পুনৰ মুছলপুৰৰ সমীপবৰ্তী নাৰায়ণপুৰৰ এক জনবসতি অঞ্চলত ঘূৰি ফুৰিছে। ইফালে বন বিভাগক বাৰে বাৰে খবৰ দিয়াৰ পিছতো গুৰুত্ব নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশ স্থানীয় ৰাইজে। বৰ্তমান এক তীব্ৰ আতংকময় পৰিবেশে বিৰাজ কৰিছে এতিয়া মুছলপুৰৰ সমগ্ৰ অঞ্চলটোত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 − three =

Back to top button