মেঘালয়

ৰাজ্যপালৰ কনভয়ৰ গাড়ীলৈ শিল নিক্ষেপ অচিনাক্ত দুৰ্বৃত্তৰ

মঙলবাৰে মেঘালয়ৰ ৰাজধানী শ্বিলঙত সান্ধ্য আইনৰ মাজভাগতে সৃষ্টি অপ্ৰীতিকৰ পৰিস্থিতিৰ

উত্তপ্ত মেঘালয়। মঙলবাৰে মেঘালয়ৰ ৰাজধানী শ্বিলঙত সান্ধ্য আইনৰ মাজভাগতে সৃষ্টি অপ্ৰীতিকৰ পৰিস্থিতিৰ। মেঘালয়ৰ ৰাজ্যপাল সত্য পাল মালিকৰ বাহনত আক্ৰমণ কৰে অচিনাক্ত দুৰ্বৃত্তই।

উল্লেখযোগ্য যে, মেঘালয়ৰ ৰাজ্যপালে মঙলবাৰে দেশৰ ৰাজধানী দিল্লীলৈ উৰা মাৰে। অসমৰ পৰা উভতি যোৱা ৰাজ্যপালৰ কনভয়ক শ্বিলঙৰ মাওলাই অঞ্চলত দুৰ্বত্তই শিল নিক্ষেপ কৰে।

ইয়াৰ পূৰ্বেও, স্বাধীনতা দিৱসৰ দিনটোত ৰাজ্যখনৰ দুই অঞ্চল মাওলাই আৰু জায়াত প্ৰাক্তন সেনাৰ শেষকৃত্যৰ যাত্ৰাৰ সময়ত হিংসাৰ সৃষ্টি হয়, যিজন সেনাক কিছুদিন পূৰ্বে এটা পুলিচ এনকাউন্টাৰত হত্যা কৰা হৈছিল।

১৮ আগষ্টৰ, পুৱা ৫ বজালৈকে শ্বিলঙত বাহাল থাকিব সান্ধ্য আইন।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.