অপৰাধমেঘালয়

মেঘালয়ৰ জোৱাইত গণ প্ৰহাৰত প্ৰাণ গ’ল চাৰি আচামীৰ

মেঘালয়ৰ কাৰাগাৰৰ পৰা পলায়ন কৰা চাৰিজন আচামীক জনসাধাৰণে প্ৰহাৰ কৰি হত্যা কৰে

দেওবাৰে নিশা মেঘালয়ৰ জোৱাইত গণ প্ৰহাৰত প্ৰাণ গ’ল চাৰি আচামীৰ। জানিব পৰা মতে, উত্তৰ-পূবৰ ৰাজ্য মেঘালয়ৰ কাৰাগাৰৰ পৰা পলায়ন কৰা চাৰিজন আচামীক জনসাধাৰণে প্ৰহাৰ কৰি হত্যা কৰে। মেঘালয় আৰক্ষীৰ উচ্চপদস্থ বিষয়াই এই ঘটনা নিশ্চিত কৰি কয় যে বিষয়টোৰ ওপৰত তদন্ত অব্যাহত আছে।

 

তথ্য অনুসৰি, শনিবাৰে মেঘালয়ৰ জোৱাই কাৰাগাৰৰ পৰা ছয়জন আচামীয়ে পলায়ন কৰিছিল। ইয়াৰে চাৰিজনক গাওঁবাসীয়ে ঘেৰাও কৰি মাৰপিট কৰি হত্যা কৰে।

 

মেঘালয়ৰ ডিজিপি এল আৰ বিষ্ণুয়ে জনোৱা মতে, শনিবাৰে মেঘালয়ৰ জোৱাই কাৰাগাৰৰ পৰা ৬ জন আচামীয়ে কাৰাগাৰৰ জোৱানক আক্ৰমণ কৰি পলাই গৈছিল। পলাতক ছয়জন আচামীত ভিতৰত পশ্চিম জয়ন্তীয়া পাহাৰ জিলাৰ শ্বাংপুং গাঁৱত চাৰিজন আচামীক তাৰে এক জনগোষ্ঠীৰ লোকে লাঠিৰে প্ৰহাৰ কৰি হত্যা কৰে। ইতিমধ্যে উদ্ধাৰ কৰা হৈছে চাৰিওজন আচামীৰ মৃতদেহ আৰু মৰোণত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হৈছে।

 

আনহাতে, জোৱাই কাৰাগাৰৰ সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি পলাতক অপৰাধীৰ নাম আছিল আই লাভ ইউ তালাং, ৰমেশ ডাখৰ, মাৰছাংকি তাৰিয়াং, ৰিকমেনলাং লামাৰে, শিদোৰ্কি ডাখৰ আৰু লোডেষ্টাৰ টাং। শনিবাৰে কাৰাগাৰৰ এজন প্ৰহৰীক দাৰে আক্ৰমণ কৰি জোৱাই জিলা কাৰাগাৰৰ পৰা পলায়ন কৰিছিল এইসকল অপৰাধীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.