অসমঅসম আৰক্ষীগুৱাহাটীমেঘালয়

মহানগৰীত আৰক্ষীৰ অভিযান: জব্দ হ’ল PDS চাউল, দুজন আটক

বৃহৎ পৰিমাণৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনৰ চাউল গোপনে সৰবৰাহৰ চেষ্টা চলি থকা অৱস্থাত আৰক্ষীৰ অভিযান

গুৱাহাটী মহানগৰীৰ লালমাটিত বৃহৎ পৰিমাণৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনৰ চাউল গোপনে সৰবৰাহৰ চেষ্টা চলি থকা অৱস্থাত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ট্ৰাকসহ চাউল ।

বৰপেটাৰ পৰা গোপনে মেঘালয়লৈ লৈ যোৱা ট্ৰাকখনত ৬০০ বস্তা PDS (Public Distribution System) চাউল কোনো উপযুক্ত নথিপত্ৰ অবিহনে সৰবৰাহ কৰা হৈছিল।

বশিষ্ঠ আৰক্ষীয়ে অভিযান চলাই ট্ৰাকখনৰ চালক আব্দুল হাই আৰু PDS চাউল সৰবৰাহকাৰী বৰপেটাৰ  আনোৱাৰ হুছেইনক আটক কৰে।

বশিষ্ঠ আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight + thirteen =

Back to top button