Assamleatest update

অন্ত পৰিল দীৰ্ঘ প্ৰতীক্ষাৰ। মুকলি হ’ল উত্তৰ-পূৱৰ দীৰ্ঘতম মালিগাঁৱৰ নৱনিৰ্মিত উৰণ সেতু ‘নীলাচল’।

এই উৰণীয়া সেতুখনৰ নিৰ্মাণত ব্যয় হয় ৪২০ কোটি টকা।

অন্ত পৰিল দীৰ্ঘ প্ৰতীক্ষাৰ। আজি বিয়লি মালিগাঁৱৰ নৱনিৰ্মিত উৰণ সেতু নীলাচল আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। উত্তৰ-পূৱৰ ভিতৰতে দীৰ্ঘতম এই উৰণীয়া সেতুখনৰ নিৰ্মাণত ব্যয় হয় ৪২০ কোটি টকা। ২ বছৰ ৪ মাহৰ অন্তত সম্পূৰ্ণ হয় নিৰ্মাণ। সেতুখন মুকলি কৰি ৰেড কাৰ্পেটতত খোজ কাঢ়ি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। এই অনুষ্ঠানত অংশ লয় ৰাজ্যৰ কেইবাজনো মন্ত্ৰী বিধায়কৰ লগতে ৰাজ্যৰ প্ৰশাসনৰ শীৰ্ষ বিষয়াবৰ্গই।

পবিত্ৰ ৰাখী বন্ধনৰ দিনাই মালিগাঁৱৰ উৰণ সেতু নীলাচল মুকলি কৰি উৎফুল্লিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মা। সেতুখনে অঞ্চলটোৰ যানজঁট নিৰ্মূল কৰিব বুলি আশাবাদী মুখ্যমন্ত্ৰী। গুৱাহাটী বিমানবন্দৰৰ পৰা কামাখ্যা মন্দিৰলৈ পথ নিৰ্মাণৰ পৰিকল্পনাও সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ধাৰাপুৰ চাৰিআলি, ভৰলুমুখ ৰে’ল ক্ৰচিং, লালগণেশ আৰু GS ৰোডতো নিৰ্মাণ কৰা হ’ব উৰণ সেতু। কাজিৰঙাত নিৰ্মাণ হ’ব ২২ কিঃমিঃ দৈৰ্ঘৰ সেতু। শ্ৰদ্ধাঞ্জলি হিচাপে নামকৰণ কৰা হ’ব জু-ৰোডত নিৰ্মীয়মান উৰণ সেতু। নিজৰ ভাষণত গুৱাহাটীত দক্ষিণ-পূৱ এছিয়াৰ দুৱাৰমুখ হিচাপে নিৰ্মাণ কৰাত গুৰুত্ব দিয়ে ডঃ হিমন্ত বিশ্ব শৰ্মাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one + 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.