অসমৰাজনৈতিক

আজি ১৩৩২২৭ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব মাজুলীৰ তিনিগৰাকীৰ প্ৰাৰ্থীৰ ভাগ্য

আজি মাজুলীৰ উপ-নিৰ্বাচন। পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে মাজুলীৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া।

আজি মাজুলীৰ উপ-নিৰ্বাচন। পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে মাজুলীৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া।
মুঠ ২০৩টা ভোটকেন্দ্ৰত ভোটাৰে ভোটদান সাব্যস্ত কৰিছে। মুঠ ১৩৩২২৭ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব তিনিগৰাকীৰ প্ৰাৰ্থীৰ ভাগ্য।

নদীদ্বীপ জিলাখনত ১৫ টা মহিলা ভোট কেন্দ্ৰত ৬০ গৰাকী চৰকাৰী মহিলা কৰ্মচাৰীয়ে চলাব নিৰ্বাচন প্ৰক্ৰিয়া। সমষ্টিটোত পুৰুষ ভোটাৰৰ সংখ্যা ৬৭, ৮১৯গৰাকী, মহিলা ভোটাৰৰ সংখ্যা ৬৫,৪০৮ গৰাকী।

ইয়াৰ উপৰিও মাজুলী বিধান সভা সমষ্টিত তিনিটা আৰ্দশ ভোট কেন্দ্ৰ প্ৰশাসনে সজাই পৰাই তুলিছে। উল্লেখ্য যে, আবেলি ৫ বজালৈ ভোটগ্ৰহণ কেন্দ্ৰসমূহত চলিব ভোটদান প্ৰক্ৰিয়া।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight + 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.