অসমভাৰত

হায়দৰাবাদত অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হ’ল অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

মঞ্চত ভাষণ দি থকাৰ মাজতে এজন যুৱকে কাঢ়ি নিয়াৰ চেষ্টা কৰে মাইক্ৰ’ফোন

হায়দৰাবাদত অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হ’ল অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।

 

হায়দৰাবাদৰ তেলেংগানাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সভাত ঘটিল অথন্তৰ। হায়দৰাবাদৰ তেলেংগানাৰ এক ৰেলীৰ মঞ্চত ভাষণ দি থকাৰ মাজতে এজন যুৱকে কাঢ়ি নিয়াৰ চেষ্টা কৰে মাইক্ৰ’ফোন।

 

উল্লেখ্য যে, গণেশ পূজাৰ নিমন্ত্ৰণ ৰক্ষা কৰি দুদিনীয়া কাৰ্যসূচীৰে হায়দৰাবাদলৈ গৈছিল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। কিন্তু মুখ্যমন্ত্ৰী গৰাকীৰ নিৰাপত্তাত ক্ৰুটি থাকি গ’ল তেলেংগানা চৰকাৰৰ। তেলেংগানাৰ এখন মঞ্চত ভাষণ দি থাকোঁতেই হঠাতে মাইক্ৰ’ফোন কাঢ়ি লোৱাৰ চেষ্টা কৰে TRS সমৰ্থকৰ এজন যুৱকে।

এই ঘটনা সংঘটিত হোৱাৰ পাছতে তেলেংগানাত সৃষ্টি তীব্ৰ উত্তেজনাৰ। সভাস্থলীৰ পৰাই আটক কৰে TRSৰ সমৰ্থক নন্দ কিশোৰ ব্যাসক। তেলেংগানাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগত উপস্থিত আছিল মন্ত্ৰী জয়ন্তমল্ল বৰুৱা।

ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই হায়দৰাবাদৰ মহালক্ষ্মী মন্দিৰ দৰ্শন কৰে। তেলেংগানাত মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে, চৰকাৰ কেৱল দেশ আৰু প্ৰজাৰ হ’ব লাগে। কেতিয়াও পৰিয়ালৰ হ’ব নালাগে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.