অসমৰাজনৈতিক

অংকিতা দত্তক অসম প্রদেশ যুৱ কংগ্রেছৰ সভাপতিৰ দায়িত্ব

তৎকালে প্রযোজ্য হোৱাকৈ অংকিতাক সভানেত্রীৰ দায়িত্ব

অংকিতা দত্তক অসম প্রদেশ যুৱ কংগ্রেছৰ সভাপতিৰ দায়িত্ব।

অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ–সভাপতি অংকিতা দত্তক অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ নতুন সভাপতিৰ দায়িত্ব অৰ্পণ। এই দায়িত্ব প্ৰদান কৰিলে কংগ্ৰেছ হাইকামাণ্ডে। অংকিতাক প্রয়াত ৰাজনীতিবিদ অঞ্জন দত্তৰ জ্যেষ্ঠ কন্যা

বিগত ২০১৬ আৰু ২০২১ চনৰ দুটা বিধানসভা নিৰ্বাচনত জাতীয় কংগ্ৰেছ দলৰ টিকটত আমগুৰি সমষ্টিত প্ৰতিদ্বন্দ্বিতা প্ৰদীপ হাজৰিকাৰ হাতত মাত্ৰ ১৬০০ ভোটত পৰাজিত হৈছিল অংকিতা দত্ত। অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি বৰাক উপত্যকাৰ কমৰুল ইছলাম চৌধুৰীক আঁতৰাই দলৰ হাইকামাণ্ডে ড০ অংকিতা দত্তক দিছে নতুন দায়িত্ব।

পিতৃৰ পদাংক অনুসৰণ কৰি ৰাজনীতিত ভৰি দিয়া অংকিতাক হাইকামাণ্ডে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব দিয়াৰ বাবে তেওঁক অভিনন্দন জনাইছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.