অপৰাধঅসমআন্তঃৰাষ্ট্ৰীয়দুৰ্ঘটনাবিশ্ব

কিমান ভয়ানক হৈ পৰিছে ইউক্ৰেইনৰ পৰিস্থিতি? সকলো ক’লে বৰপেটাৰ মাছুমা আহমেদে …

ইউক্ৰেইনৰ চুমি বিশ্ববিদ্যালয়ত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰি থকা বৰপেটাৰ সৰুক্ষেত্ৰীৰ মৰিছা গাৱৰ মাছুমা আহমেদে বৰ্ণনা কৰিলে যুদ্ধৰ ভয়াৱহ পৰিস্থিতিৰ কথা ৷

ইউক্ৰেইনত আৱদ্ধ বৰপেটাৰ সৰুক্ষেত্ৰীৰ কয়াকুছিৰ সমীপৰ মৰিছা গাৱৰ জাহিদুল ৰহমানৰ কন্যা মাছুমা আহমেদ ৷

ইউক্ৰেইনৰ চুমি বিশ্ববিদ্যালয়ত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰি থকা বৰপেটাৰ সৰুক্ষেত্ৰীৰ মৰিছা গাৱৰ মাছুমা আহমেদে বৰ্ণনা কৰিলে যুদ্ধৰ ভয়াৱহ পৰিস্থিতিৰ কথা ৷

ইউক্ৰেইনত আৱদ্ধ বৰপেটাৰ সৰুক্ষেত্ৰীৰ কয়াকুছিৰ সমীপৰ মৰিছা গাৱৰ জাহিদুল ৰহমানৰ কন্যা মাছুমা আহমেদে টেলিফোনত বৰ্ণনা কৰিলে দেশখনৰ ভয়াৱহ পৰিস্থিতিৰ কথা ৷

যিকোনো মুহূৰ্ততে চলি থকা, গুলি, বোমা বাৰুদ আদিৰ শব্দই পৰিস্থিতি অধিক ভয়াৱহ কৰি তোলাৰ কথা প্ৰকাশ কৰিলে চিকিৎসা বিজ্ঞান পঢ়িবলৈ গৈ সম্প্ৰতি ইউক্ৰেইনত আৱদ্ধ হৈ পৰা বৰপেটাৰ মাছুমা আহমেদ নামৰ ছাত্ৰী গৰাকীয়ে ৷

চুমি বিশ্ববিদ্যালয়ত এতিয়াও অসমৰ প্ৰায় ৪০ জন ছাত্ৰ-ছাত্ৰীৰ লগতে দেশৰ প্ৰায় ৮ শতাধিক ছাত্ৰ ছাত্ৰীয়ে ভয়াৱহ অৱস্থাৰ মাজত দিন নিয়াবলগীয়া হৈছে ৷

যুদ্ধজৰ্জৰ দেশখনৰ পৰা ভাৰতৰ ছাত্ৰ ছাত্ৰী সকলক উদ্ধাৰ কৰিবলৈ চৰকাৰৰ প্ৰতি কাতৰ আহ্বান মাছুমাৰ ৷

কিয়েভৰ পৰিস্থিতি জটিল হৈ পৰাৰ বাবেই বিদেশ মন্ত্ৰালয়ে সম্প্ৰতি চুমিক বাদ দি কিয়েভত থকা ছাত্ৰ ছাত্ৰী সকলক উদ্ধাৰতহে অধিক গুৰুত্ব দিয়া বুলি জনাইছে মাছুমাই ৷ মাছুমাৰ আশা গুই এদিনতে তেওলোককো উদ্ধাৰ কৰিব চৰকাৰে ৷

যুদ্ধৰ ভয়াৱহতা, খাদ্যসংকট, প্ৰতিপলে অনিশ্চিত ভৱিষ্যত আৰু জীউতো হাতৰ মুঠিত লৈ বাংকাৰ অথবা নিৰাপদ স্থানত কোনোমতে জীয়াই থকাৰ চেষ্টাত ব্ৰতী মাছুমা আহমেদ ছাত্ৰীগৰাকীয়ে এনে দূৰ্যোগৰ মাজতো পিতৃ মাতৃক ভালে থাকিবলৈ, খোৱা বোৱা ভালকৈ কৰিবলৈ উপদেশ দিলে ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

6 + 20 =

Back to top button