AssamCity newsnationalnorth eastঅসমগুৱাহাটীদৈনিক বাতৰিভাৰত

হিতেশৰ সৈতে সংসাৰ গঢ়াৰ মন নেকি মেৰী কমৰ! কোন এই হিতেশ চৌধুৰী?

এইবাৰ খেল নহয়, স্বীকৃতি নহয়, সাফল্য নহয়। বৰং নেটিজেনৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে মেৰী কম। গাড়ীত একেলগে অহা-যোৱা কৰাৰ পৰা জীমলৈকে দুয়ো সদায় একেলগে। এই ঘনিষ্ঠতাকলৈয়েই চর্চা হৈছে। জানিব বিচাৰিছিল মনৰ মানুহজনৰ সৈতে কেনেকৈ পৃথিৱী জয় কৰাৰ প্ৰস্তুতি চলাইছিল মেৰী কমে। ৫ বছৰীয়া প্ৰেম-বন্ধুত্ব-ভালপোৱা-সন্মান-বুজাবুজিৰ ধুনীয়া সম্পৰ্কটোক বিয়াৰ নাম দিছিল মেৰী কম আৰু তেওঁৰ স্বামী অনলাৰে। ফুটবল খেলা আনলাৰে দেখিছিল মেৰী কমে বক্সিংৰ জৰিয়তে এদিন দেশক উজলাব পাৰিব। দুয়োৰে ভালপোৱা আৰু বিবাহৰ পৰিণতিত এটা-দুটাকৈ তিনিটা সন্তান আহিছিল তেওঁলোকৰ মাজলৈ।

মহাকুম্ভ মেলাৰ পৰা পেৰিছলৈ… দুয়ো যায় একেলগে। এজন সুদৰ্শন যুৱকৰ সৈতে ঘনিষ্ঠতা বাঢ়িছে মেৰী কমৰ। সেয়ে হয়তো ২০ বছৰৰ সাংসাৰিক বান্ধোন প্ৰায় শেষ কৰাৰ দিশে মেৰী কম! কামাখ্যা মন্দিৰলৈকো একেলগে আহিছিল দুয়ো।

নেৰেনেপাৰা কষ্ট, পৰিশ্ৰম আৰু সাধনাৰ ফলত আমি আজিৰ মেৰী কমক দেখিছোঁ। কোৱা হয় প্ৰতিগৰাকী সফল পুৰুষৰ আঁৰত একোগৰাকী নাৰী থাকে। ব্যৱসায়ী সহযোগী হিতেশ চৌধুৰীৰ সৈতেই ঘনিষ্ঠ সম্পৰ্ক গঢ় লৈ উঠিছে মেৰী কমৰ। মেৰী কমৰেই সহযোগী বক্সাৰৰ প্ৰাক্তন স্বামী হিতেশ চৌধুৰী। ইনষ্টাগ্ৰামত ভৰি আছে মেৰী কম-হিতেশ চৌধুৰীৰ ফটোৰে। জ’লৈকে যায়, দুয়ো একেলগে যায়।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.