অসম

বানপানী, ভূমিস্খলনৰ অবৰ্ণনীয় পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ ডিমা হাচাওলৈ যাব মুখ্যমন্ত্ৰী…

ডিমা হাচাওৰ পৰিস্থিতিক লৈ চিন্তিত হৈ পৰিছে ৰাজ্য চৰকাৰ। পাহাৰীয়া জিলাখনত হঠাতে অহা দুৰ্যোগে বহিঃজগতৰ সৈতে বিচ্ছিন্ন কৰি পেলাইছে যোগাযোগ।

আজি ডিমা হাচাওলৈ যাব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা। বান-ভূমিস্খলনত বিধ্বস্ত ডিমা হাচাওত হেলিকপ্টাৰেৰে বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিব মুখ্যমন্ত্ৰীয়ে।

 

ডিমা হাচাওৰ পৰিস্থিতিক লৈ চিন্তিত হৈ পৰিছে ৰাজ্য চৰকাৰ। পাহাৰীয়া জিলাখনত হঠাতে অহা দুৰ্যোগে বহিঃজগতৰ সৈতে বিচ্ছিন্ন কৰি পেলাইছে যোগাযোগ। বানপানী, ভূমিস্খলনে অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে ডিমা হাচাওত।

 

ইতিমধ্যে, হেলিকপ্টাৰযোগে ডিমা হাচাওলৈ প্রেৰণ কৰা হৈছে ৪ মেট্রিক টন খাদ্য সামগ্ৰী। আজি ১২ মেট্রিক টন খাদ্য সামগ্রী লৈ ডিমা হাচাওলৈ যাব বিশেষ বিমান। আনহাতে, পৰস্থিতি পৰ্যবেক্ষণৰ বাবে হাফলঙলৈ যোৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে মন্ত্ৰী যোগেন মহনক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven + 18 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.