AssamCity newsElectionleatest updatenationalnorth eastPMo indiapoliticalRegionalঅসমআঞ্চলিকআন্তঃৰাষ্ট্ৰীয়গুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

ৰাহুল গান্ধীৰ উপস্থিতিত অসমৰ বিৰোধী ঐক্যমঞ্চৰ গুৰুত্বপূৰ্ণ বৈঠক

আগন্তক লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত বিৰোধী ঐক্যমঞ্চৰ দাবী সমূহ সন্নিৱিষ্ট কৰিব বুলি ৰাহুল গান্ধীয়ে আশ্বাস দিয়ে।

অসমৰ অৰুণাচল সীমান্তৰ সোলেঙি এলেকাৰ ৰাজগড়ত ২১ জানুৱাৰীত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সৈতে অসমৰ বিৰোধী ঐক্যমঞ্চৰ ডেৰঘন্টা যোৰা বৈঠক অনুষ্ঠিত হয়।

বৈঠকত ১৫ টা‌ বিৰোধী দলে অংশগ্ৰহণ কৰে। ৰাহুল গান্ধীয়ে প্ৰতিটো দলৰ নেতাৰ মন্তব্য শুনাৰ পিছতে অসমত বিজেপিৰ বিৰুদ্ধে জাগ্ৰত কৰি একত্ৰিত হৈ কাম কৰিবলৈ আহ্বান জনায়।

বৈঠকত কংগ্ৰেছৰ ভূপেন কুমাৰ বৰা, আপৰ ভৱেন চোধুৰী, অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈ, ৰাইজৰ দলৰ অখিল গগৈ, চিপিআই দলৰ হৈ পিংকুমণি দত্ত, কনক গগৈ, চিপিআইএম দলৰ হৈ বিধায়ক মনোৰঞ্জন তালুকদাৰ, আৰজেডিৰ স্বৰ্ণ হাজৰিকা, শিৱসেনাৰ উদ্ধৱ গোটৰ নেতা ৰাম নাৰায়ণ সিং, এপিএইছএলচিৰ জন ইংতি কাথাৰ, অসম জাতীয় দলৰ দিগন্ত কোঁৱৰ উপস্থিত থাকে আৰু নিজৰ দলৰ হৈ বক্তব্য ৰাখে।

উক্ত বৈঠকত বিৰোধী ঐক্যমঞ্চই কেনেধৰনে শক্তিশালী স্থিতি গ্ৰহণ কৰিব, লোকসভা নিৰ্বাচনৰ বাবে দুটা মাহত কেনেকৈ প্ৰস্তুতি শক্তিশালী কৰিব,
কেনেকৈ ৰাইজৰ মাজলৈ যাব পাৰি, বিজেপিৰ বিৰুদ্ধে কেনেকৈ শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিব পাৰি সেই সন্দৰ্ভত আটাইবোৰ দলৰ নেতৃত্বক আহ্বান জনায়।

আগন্তক লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত বিৰোধী ঐক্যমঞ্চৰ দাবী সমূহ সন্নিৱিষ্ট কৰিব বুলি ৰাহুল গান্ধীয়ে আশ্বাস দিয়ে। এই ক্ষেত্ৰত কাৰ্যকৰী কৰাৰ দায়িত্ব প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাক অৰ্পণ কৰিছে।

লগতে বৈঠকত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে অসমৰ গ্ৰাম্য এলেকাৰ সমস্যাসমূহক আঙুলিয়াই দি মহিলাকসকলক কেনেদৰে বিজেপিয়ে হিতাধিকাৰী কৰি ভোট ক্ৰয়ৰ মেচিনত পৰিণত কৰিছে তাকো ৰাহুল গান্ধীক অৱগত কৰে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − 14 =

Back to top button