অসমমনোৰঞ্জন

ক’ত কেনেকৈ পালন কৰা হ’ব হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ ৫০ সংখ্যক জন্মদিন!

হাৰ্টথ্ৰ'ব জুবিন গাৰ্গৰ ৫০ সংখ্যক জন্মদিনৰ বিশেষ কাৰ্যসূচী

কাইলৈ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ ৫০ সংখ্যক জন্মদিন। চাওঁতে চাওঁতে ৫০ বছৰত ভৰি দিলেহি আপোনাৰ মোৰ প্ৰিয় শিল্পীগৰাকীয়ে। হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ ৫০ সংখ্যক জন্মদিন উদযাপনৰ বাবে চলিছে বিশেষ আয়োজন। শিল্পীগৰাকীৰ ৫০ বছৰীয়া জন্মদিনত জুবিন ফেন ক্লাবে আয়োজন কৰিছে বিশেষ অনুষ্ঠানৰ। তেওঁলোকে ৫০ পাউণ্ডৰ কেক কাটি উদযাপন কৰিব প্ৰিয় শিল্পীগৰাকীৰ জন্মদিন। ৰোপন কৰিব ৫০ টা গছপুলি।

 

হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ জন্মস্থান যোৰহাটতো চলিছে জন্মদিনৰ ব্যাপক প্ৰস্তুতি। যোৰহাটত তিনিদিনীয়াকৈ উদযাপন কৰা হ’ব জন্মদিন। যোৰহাটৰ কছাৰী ময়দান খেল পথাৰত জুবিন ফেন ক্লাৱ আৰু যোৰহাটবাসী ৰাইজৰ সহযোগত ব্যাপক আয়োজন। জুবিন গাৰ্গৰ ১১৮ ফুট প্ৰতিমূৰ্তি বনোৱাৰ লগতে ৰংঘৰ আৰ্হিৰ মণ্ডপ তৈয়াৰ কৰা হৈছে। প্ৰদৰ্শন কৰিব ৯০ দশকৰ পৰা ১০০ খন বিশেষ ফটো। যোৰহাট ক্ৰীড়া সন্থাৰ খেলপথাৰৰ দেৱালত অংকিত কৰা হৈছে হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ চিত্ৰ। যোৰহাটৰ সন্তান হাৰ্থথ্ৰ’ব জুবিন গাৰ্গৰ ৫০ সংখ্যক জন্মদিন উদযাপন কৰিবলৈ সকলো প্ৰস্তুত কৰাৰ লগতে উৎফুল্লিত হৈ আছে যোৰহাটবাসী।

 

লগতে হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ ৫০ সংখ্যক জন্মদিন উপলক্ষে কাইলৈ মুক্তি পাব জুবিনৰ কণ্ঠত ডক্টৰ বেজবৰুৱা ২ ছবিখনৰ জিলিকি জিলিকা শীৰ্ষক গীতটি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 + 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.