অসমদুৰ্ঘটনা

দুটাকৈ শোকাৱহ দুৰ্ঘটনাই কঁপাই গ’ল নলবাৰী

ৰাসৰ আনন্দ-উল্লাহৰ মাজতে নলবাৰীত শোকাৱহ পথ দুৰ্ঘটনা

ৰাসৰ আনন্দ-উল্লাহৰ মাজতে নলবাৰীত শোকাৱহ পথ দুৰ্ঘটনা। পুৱতি নিশা ৩ বাজি ৪৫ মিনিটত সংঘটিত হয় এই দুৰ্ঘটনা। এই দুটাকৈ ভয়ংকৰ দুৰ্ঘটনাই কঁপাই গৈছে নলবাৰী। বানেকুছিত সংঘটিত পথ দুৰ্ঘটনাত নিহত হয় ৪ জনকৈ যুৱকৰ। দুৰ্ঘটনা সংঘটিত বাহনখনৰ নম্বৰ AS01-BG-5995। হাউলীত ৰাস চাই উভতিছিল ৮ জনকৈ যুৱক। বিজয় নগৰৰ পৰা হাউলীত ৰাস চাবলৈ গৈছিল যুৱককেইজন। দলঙৰ ৰেলিঙত বাহনখনে খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনা। গাড়ী কাটি উলিয়াব লগা হৈছে যুৱক কেইজনক। দুৰ্ঘটনাস্থলীতে নিহত জাহেদুল ৰহমান, অজিত চহৰীয়া, ৰাহুল আলী আৰু প্ৰণৱ হালৈ নামৰ ৪ জনকৈ যুৱক। আনহাতে আহত অভিজিত, সীমান্ত, শংকৰক ভৰ্তি কৰোৱা হয় হাস্পাতালত। জানিব পৰা মতে, দুৰ্ঘটনাত পতিত যুৱক কেইজনৰ ঘৰ মিৰ্জাত।

 

আনহাতে, নলবাৰীৰ ঘগ্ৰাপাৰতো সংঘটিত হয় আন এক দুৰ্ঘটনা। দুৰ্ঘটনাটোত নিহত হয় এগৰাকী যুৱতী। নিহত যুৱতীগৰাকীক পৰিস্মিতা বুলি চিনাক্ত কৰা হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five + 17 =

Back to top button