
চাকৰী নিয়মীয়াকৰণৰ দাবীৰে প্ৰায় তিনিহাজাৰ অনা শিক্ষক কৰ্মচাৰীয়ে দিশপুৰ কঁপাই প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ। তেওঁলোকৰ সতর্কবাণী- পদ নিয়মীয়াকৰণ নকৰিলে জংগী আন্দোলন গঢ়ি তোলা হ’ব।
সোমবাৰে গুৱাহাটী প্ৰেছক্লাবত অনুষ্ঠিত সংবাদমেলত সদৌ অসম ২০২১-২২-২৩ বৰ্ষৰ প্ৰাদেশিকৃত স্নাতক মহাবিদ্যালয় পৰা উচ্চ প্ৰাথমিক বিদ্যালয়ৰ সকলো অনা শিক্ষক কৰ্মচাৰীয়ে একগোট হৈ দাবী উত্থাপন কৰে।
প্ৰধান দাবীসমূহ হ’ল:
১. অৱসৰ কৰ্মচাৰী সকলৰ বাবে ১০ লাখ টকাৰ এক কালিন সাহায্য প্ৰদান
২. অক্টোবৰ মাহত আহিব লগা প্ৰাদেশিকীকৰণ সংশোধনী আইন অনুসৰি পদ সমূহ নিয়মীয়াকৰণ
৩. নিম্নমানৰ পাৰিতোষিকৰ বিনিময়ত নিয়োজিত হৈ থকা কৰ্মচাৰী সকলৰ দৰমহা বৃদ্ধি
কাৰ্যকৰী সিদ্ধান্ত অতি সোনকালে গ্ৰহণ কৰিবলৈ অসম চৰকাৰ আৰু শিক্ষা বিভাগক আহ্বান সংবাদমেলত।
