ক্ৰিকেটখেল

বাংলাদেশৰ বিৰুদ্ধে অভিলেখ ঈশান কিষাণৰ। ১২৬ টা বলত দ্বিশতক অৰ্জন কৰি ঈষান কিষাণে ভংগ কৰিলে ক্ৰিছ গেইলৰ অভিলেখ

ক্ৰিছ গেইলৰ বিশ্ব অভিলেখ ভংগ কৰি এদিনীয়া ইতিহাসৰ দ্ৰুততম দ্বিশতক অৰ্জন কৰাৰ গৰাকী হ'ল ইশান

বাংলাদেশৰ বিৰুদ্ধে অভিলেখ ৰচিলে ভাৰতীয় ক্ৰিকেটাৰ ঈশান কিষাণে। এদিনীয়া ক্ৰিকেট শৃংখলাৰ তৃতীয়খন মেচত দ্বিশতক অৰ্জনেৰে অভিলেখ ৰচিলে ঈশানে। ক্ৰিছ গেইলৰ বিশ্ব অভিলেখ ভংগ কৰি এদিনীয়া ইতিহাসৰ দ্ৰুততম দ্বিশতক অৰ্জন কৰাৰ গৰাকী হ’ল ইশান।

 

প্ৰথমে ৮৫ টা বলত শতক অৰ্জন কৰি আৰু বেছি বিস্ফোৰক হৈ উঠিছিল বাওহতীয়া অপেনাৰগৰাকী। আৰু যাৰ বাবে বিশ্ব ক্ৰিকেটত সকলোতকৈ দ্ৰুত গতিত দ্বিশতক অৰ্জন কৰাৰ অভিলেখ অৰ্জন কৰিলে ঈশান কিষাণে। মাত্ৰ ১২৬ টা বলতে দ্বিশতক অৰ্জন কৰি ঈষান কিষাণে ভংগ কৰিলে ক্ৰিছ গেইলৰ নামত থকা অভিলেখ। ODIত দ্বিশতক অৰ্জন কৰা ৪ৰ্থজন ভাৰতীয় খেলুৱৈ হ’ল ঈশান কিষাণ। মেচখনত ২৪টা ৪, ১০টা ৬ ৰে দ্বিশতক অৰ্জন কৰে ঈশানে। ইশান কিষাণৰ এই সফলতা দেখি অনুৰাগী সকলো আনন্দত আত্মহাৰা হৈ পৰিছে। লগতে অন্যান্য ক্ৰিকেটাৰসকলৰ লগতে BCCIয়ে টুইটযোগে অভিনন্দন জনায় ঈশান কিষাণক।

 

ৰোহিত শৰ্মাৰ আঘাতৰ বাবে বাংলাদেশৰ বিৰুদ্ধে তৃতীয় এদিনীয়াত খেলিবলৈ সুযোগ পালে ঈশান কিষাণে। আৰু সেই সুযোগ অথলে যাব নিদি আৰম্ভণিৰ পৰাই দূৰ্দান্ত ৰূপ ধৰিলে ঈশানে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × two =

Back to top button