জীৱনশৈলী

নিৰ্ধাৰিত তাৰিখৰ দুদিন পূৰ্বেই দৰা অবিহনে নিজৰ লগতে বিয়াত বহিল কইনা…

নিজৰ শিৰত নিজে সেন্দুৰ ঢালি গুজৰাটত বুধবাৰে নিজৰ লগতে বিয়াত বহিল ক্ষমা বিন্দু

অৱশেষত হ’লগৈ বহু চৰ্চিত বিয়াখন। গুজৰাটত বৃহস্পতিবাৰে হল এখন ব্যতিক্ৰম বিয়া। নিজৰ শিৰত নিজে সেন্দুৰ ঢালি বিয়াত বহিল ২৪ বছৰীয়া ক্ষমা বিন্দু। নিৰ্ধাৰিত তাৰিখৰ দুদিন পূৰ্বে বিয়াত বহিল ক্ষমা বিন্দু নামৰ যুৱতীগৰাকী।

 

 

বহু চৰ্চিত বিয়াখনলৈ বহু পুৰোহিতক নিমন্ত্ৰণ জনোৱা হৈছিল যদিও কোনো এজন পুৰোহিত নহাত অৱশেষত মোবাইলতে মন্ত্ৰ শুনি অগ্নিক সাক্ষী কৰি বিয়া হ’ল ক্ষমা। বিয়াৰ পাছতেই অতি সোনকালেই পূৰ্ব পৰিকল্পনা অনুসৰি গোৱাত হনিমুনৰ বাবে যাব ক্ষমা।

 

 

উল্লেখ্য যে, ক্ষমা বিন্দুৰ এই বিবাহক প্ৰতীকি বিবাহ বুলিও জনা যায়। এই বিবাহ পদ্ধতিৰে নিজৰ সৈতে থকা গভীৰ ভালপোৱাক উদঙাই দিয়া হয়। প্ৰতীকি বিবাহ সমৰ্থন কৰা সকলে বিশ্বাস কৰে যে, নিজৰ সুখৰ বাবে অন্য লোকৰ কোনো প্ৰয়োজন নাথাকে। বহুতেই এয়া আত্মপ্ৰেমক উদযাপন কৰাৰ এক উৎকৃষ্ট পথ বুলি কয় যদিও, সমালোচকে এয়া কেৱল গুৰুত্ব পাবৰ বাবে কৰা কাম বুলিহে বিবেচনা কৰে। ১৯৯৩ চনৰ পৰাই প্ৰচলিত হৈ আছে এই Sologamy অথবা আত্মকেন্দ্ৰিক বিবাহ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.