Government Schemeজীৱনশৈলীভাৰত

এতিয়াৰে পৰা বিচাৰিলেই নাগৰিকে সলনি কৰিব পাৰিব গাড়ীৰ নম্বৰ প্লেট!

নতুন পদক্ষেপৰ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে

দেশৰ সকলো নাগৰিকে এতিয়াৰে পৰা বিচাৰিলেই সলনি কৰিব পাৰিব নিজৰ গাড়ীৰ নম্বৰ প্লেট।

যেতিয়া কোনোবা ব্যক্তি চাকৰি অথবা ব্যৱসায়িক কাৰণত ৰাজ্য এৰি বহিঃৰাজ্যলৈ যায় তেতিয়া নিজৰ গাড়ীখনৰ নম্বৰৰ সমস্যাটো ৰৈযে যায়। এনেবোৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি স্থায়ী সমাধানৰ বাবে নতুন পদক্ষেপৰ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে।

পথ-পৰিবহন বিভাগে ঘোষণা কৰা অনুসৰি দেশৰ যিকোনো ৰাজ্যৰ যিকোনো নাগৰিকে বিচাৰিলে তেওঁৰ গাড়ীৰ নম্বৰ ৰাজ্যৰ সলনি দেশৰ নামত অৰ্থাৎ BH কৰি লব পাৰিব। উদাহৰণ স্বৰূপে, অসমৰ গাড়ীখনৰ নম্বৰ প্লেটত নিখা থাকিব AS , তেনেদৰে নাগালেণ্ডৰ গাড়ীখনৰ নম্বৰ প্লেটত লিখা থাকিব NL । কিন্ত গাড়ীখন যদি কেতিয়াবা ৰাজ্যৰ বাহিৰলৈ যায় তেন্তে এত্য়াৰে পৰা  নম্বৰ প্লেটৰ নম্বৰ সলনি কৰি BH কৰি ল’ব পাৰিব।

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী, সেনা বাহিনীত কৰ্মৰত ব্যক্তি আৰু বেচৰকাৰী কৰ্মচাৰী যাৰ পাচঁ বা অধিক ঠাইত কাৰ্য্যালয় আছে তেওঁলোকে এই সুবিধাৰ বাবে আবেদন কৰিব পাৰিব। কিন্তু তাৰ লগত তেওঁলোকৰ ৰোড টেক্স ক্লিয়াৰ থাকিব লাগিব আৰু নম্বৰ পৰিবৰ্তনৰ কাৰণ তথ্য সহ  উল্লেখ কৰি পৰিবহন বিভাগত নথি পত্ৰ জমা কৰিব লাগিব।

জানিব পৰা মতে এই নতুন ব্যৱস্থা ১৫ ছেপ্টেম্বৰৰ পৰা কাৰ্য্যকৰী হ’ব। এই নতুন নিয়ম কাৰ্যকৰী হলে ৰাজ্য পৰিৰ্বতন কৰিলে গাড়ীৰ নম্বৰৰ পৰিবৰ্তনৰ সমস্যা নাইকিয়া হৈ যাব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 + sixteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.