উৎসৱ

আগমন ঘটিল শৰতৰ! আহি পালে শাৰদীয় দুৰ্গা পূজা…

কহুৱা ফুলাৰ বতৰত শেৱালীৰ সুৱাসেৰে আকৌ আগমন ঘটিল শৰতৰ

আগমন ঘটিল শৰতৰ! আহি পালে শাৰদীয় দুৰ্গা পূজা…

কহুৱা ফুলাৰ বতৰত শেৱালীৰ সুৱাসেৰে আকৌ আগমন ঘটিল শৰতৰ। শৰতৰ সেমেকা বতৰত দুৰ্গাদেৱীৰ হৈছে আগমন। দুৰ্গাদেৱীৰ আগমনত সকলো সাজু হৈছে পূজা অৰ্চনাৰ বাবে। জাক-জমকতাৰে ভৰি পৰিছে দেশৰ লগতে ৰাজ্যৰ বিভিন্ন পূজা মণ্ডপ। পূজাৰ বজাৰত উভৈনদী হৈছে নতুন সাজ-পাৰ, কণ কণ শিশুৱে খেল-ধেমালিত ব্যৱহাৰ কৰা সামগ্ৰীৰ পৰা অন্যান্য বিভিন্ন সামগ্ৰী। ৰাজ্যতো পূজাৰ ব্যস্ততা দেখিবলৈ পোৱা গৈছে।

পূজা পালনৰ বাবে সকলো লোক প্ৰস্তুত। সকলোৰে মাজত বাঢ়িছে উৎকন্ঠা৷ মাজত মাত্ৰ কেইটামান ক্ষণ। পূজাৰ বতৰত বহুলোকে কৰ্মস্থানৰ পৰা ঘৰৰ অভিমুখে যাত্ৰা কৰিব। তাৰ মাজতে কিছুলোকৰ মন সেমেকা। বজাৰটো সামগ্ৰীৰ মূল্যবৃদ্ধি হৈছে।

শেৱালিৰ সুগন্ধীয়েই কঢ়িয়াই আনে শৰতৰ বতৰা। শৰৎ মানেই যেন দুৰ্গাপূজা। পূজাৰ বাবেই বিভিন্ন বিপণীসমূহত দেখিবলৈ পোৱা গৈছে গ্ৰাহকক দিয়া অফাৰৰ তালিকা আৰু গ্ৰাহকৰ ভিৰ। আহিনৰ শুক্ল পক্ষৰ ষষ্ঠতম দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত থাকে দুৰ্গাপূজা। এই ৫টা দিনক কোৱা হয় ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.