বলিউড

‘হাম ৰহে য়া না ৰহে কল’, KKৰ মৃত্যুৰ পূৰ্বে গীতেৰে জীপাল হৈছিল কলকাতাৰ নজৰুল মঞ্চৰ সন্ধিয়া…

মোবাইল ফোনৰ ফ্লাচ লাইট জ্বলাই কেকেই গোৱা ৯০ দশকৰ হিন্দী গীতৰ তালে তালে নাচিছিল হাজাৰ-হাজাৰ অনুৰাগীয়ে।

‘হাম ৰহে য়া না ৰহে কল…’। মঙলবাৰে, সুমধুৰ সংগীতৰ লহৰত জীপাল হৈছিল কলকাতাৰ নজৰুল মঞ্চ। ওৰেটো জীৱন সংগীতৰ মায়াজালেৰে অনুৰাগীক মন্ত্ৰমুগ্ধ কৰা কেকেই কলকাতাত মৃত্যুৰ ক্ষন্তেক সময় পূৰ্বে হাজাৰ-হাজাৰ অনুৰাগীৰ সন্মুখত পৰিৱেশন কৰিছিল জীৱনৰ অন্তিম সময়ৰ গীত।

 

মোবাইল ফোনৰ ফ্লাচ লাইট জ্বলাই কেকেই গোৱা ৯০ দশকৰ হিন্দী গীতৰ তালে তালে নাচিছিল হাজাৰ-হাজাৰ অনুৰাগীয়ে।
কিন্তু কোনে জানিছিল যে, সেয়া আছিল কৃষ্ণকুমাৰ কুন্নাথ, অনুৰাগীৰ প্ৰিয় কেকেৰ জীৱনৰ অন্তিমটো লাইভ শ্ব’। মৃত্যুৰ পূৰ্বে ‘পল’, ‘ক্যা মুঝে প্যাৰ হে’, ‘য়াৰো’ৰ দৰে জনপ্ৰিয় গীত গাই সকলোকে মোহাচ্ছন্ন কৰি ৰাখিলে কেকেই।

 

ছ’চিয়েল মিডিয়াত বহুতেই শ্বেয়াৰ কৰিলে অন্তিমটো লাইভ শ্ব’ৰ ভিডিঅ’। স্কুল আৰু কলেজীয়া দিনৰ স্মৃতি সুঁৱৰি আৱেগিক হৈ পৰিল সকলো।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.