অসমপৰ্যটনবন্যপ্ৰাণী

পৰ্যটকৰ বাবে আজিৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুকলি হ’ল হাতী ছাফাৰী। পুৱাই হাতী ছাফাৰীৰ আনন্দ লাভ কৰে বিদেশী পৰ্যটকে

বাগৰী আৰু কঁহৰা ৰেঞ্জত পৰ্যটকৰ বাবে  মুকলি কৰা হ’ল হাতী ছাফাৰী

বহু প্ৰতীক্ষাৰ অন্ত পেলাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২ নবেম্বৰ অৰ্থাৎ আজিৰে পৰা আৰম্ভ হ’ল হাতী ছাফাৰী। পৰ্যটকৰ বাবে পুৱা ৫ বাজি ৩০ মিনিটত আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয় হাতী ছাফাৰী। বাগৰী আৰু কঁহৰা ৰেঞ্জত পৰ্যটকৰ বাবে  মুকলি কৰা হ’ল হাতী ছাফাৰী। উদ্যানৰ কহঁৰা আৰু বাগৰি বনাঞ্চলত বন সংমণ্ডল প্ৰাধিকাৰী ৰমেশ কুমাৰ গগৈয়ে আজি আনুষ্ঠানিকভাৱে মুকলি কৰে পৰ্যটকৰ বাবে হাতী ছাফাৰি ৷ পুৱা পৰম্পৰাগত হস্তী পূজাৰ পাছতে কহঁৰাৰ মিহিমুখ Elephant Tower ত নাৰিকল ভাঙি, ফিটা কাটি হাতী ছাফাৰি মুকলি কৰে DFO গগৈয়ে৷ উল্লেখ্য যে, দেশ–বিদেশৰ বিভিন্ন পৰ্যটকে এই সময়ত জীপ ছাফাৰী, হাতী ছাফাৰীৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন ফুৰাৰ উদ্দেশ্যে ভিৰ কৰে। বিশ্ব বিখ্যাত এশিঙিয়া গঁড়ৰ লগতে অন্যান্য জীৱ–জন্তু চোৱাৰ হেঁপাহেৰে প্ৰতি বছৰে উদ্যানখনলৈ আহে অগনন পৰ্যটকৰ। কিন্তু এই বৰ্ষৰ অক্টোবৰ মাহত জীপ ছাফাৰী মুকলি কৰি দিছিল যদিও হাতী ঠাফাৰী মুকলি নোহোৱা বাবে বহু পৰ্যটকে দুখ মনেৰে উভতি যাব লগা হৈছিল।

 

 

 

 

আজি কঁহৰা আৰু বাগৰী বনাঞ্চলত হাতী ছাফাৰী পৰ্যটকৰ বাবে মুকলি কৰাত আনন্দত উৎফুল্লিত হৈ পৰিছে পৰ্যটকসকল। পুৱাই ছুইজাৰলেণ্ড আৰু আমেৰিকাৰ ৫ জন বিদেশী পৰ্যটকসহ মুঠ অৰ্ধ শতাধিক পৰ্যটকে হাতী ছাফাৰী কৰে ৷ কঁহৰা ৰেঞ্জত বিভাগীয় হাতীৰে ছাফাৰী মুকলি কৰা হয় য’ত ১৪ গৰাকী বিদেশী পৰ্যটকে হাতী ছাফাৰী উপভোগ কৰে। আনহাতে বাগৰি ৰেঞ্জত ব্যক্তিগত হাতীৰে ছাফাৰীৰ শুভাৰম্ভ কৰা হয় য’ত ২৫ গৰাকী পৰ্যটকে প্ৰথমটো হাতী ছাফাৰী উপভোগ কৰে। উদ্যানৰ কহঁৰা বনাঞ্চলত ১০ টা বিভাগীয় হাতীৰে আৰু বাগৰি বনাঞ্চলত ২৫ টা ব্যক্তিগত হাতীৰে মুকলি কৰা হয় হাতী ছাফাৰি ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + 20 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.