বলিউডমনোৰঞ্জন

অনুৰাগীলৈ জন্মদিনৰ বিশেষ উপহাৰ কিংখানৰ। মুকলি হ’ল বাদশ্বাহৰ ছবি পাঠানৰ টিজাৰ

মুকলি হ'ল বাদশ্বাহৰ পাঠানৰ টিজাৰ

জন্মদিনৰ দিনাই অনুৰাগীলৈ বিশেষ উপহাৰ আগবঢ়ালে বলিউদৰ বাদশ্বাহ শ্বাহৰুখ খানে। বহু অপেক্ষাৰ অন্তত অৱশেষত মুক্তি পালে শ্বাহৰুখ খানৰ বহু প্ৰত্যাশিত ছবি পাঠানৰ ট্ৰেইলাৰ। নিজৰ জন্মদিনৰ দিনাই অনুৰাগীলৈ এই উপহাৰ কিংখানৰ। চাৰি বছৰৰ দীঘলীয়া বিৰতিৰ পিছত পাঠান ছবিখনৰ জৰিয়তে পুনৰ ছবিজগতলৈ উভতি আহিছে কিংখান। পাঠানৰ টিজাৰ মুকলিৰ বাতৰি অভিনেতাজনে নিজৰ টুইটাৰ যোগে জনায় কয় যে, ‘নিজৰ চকীৰ বেল্ট বান্ধি লওক, মুকলি হ’ল পাঠানৰ টিজাৰ’। লগতে তেওঁৰ সামাজিক মাধ্যম যোগে পাঠানৰ টিজাৰ শ্বেয়াৰো কৰে।

 

 

শ্বাহৰুখ খানৰ বহু প্ৰতীক্ষিত ছবি পাঠানৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে অনুৰাগীসকলে। অভিনেতাগৰাকীয়ে জনোৱা অনুসৰি, অহা বছৰ অৰ্থাৎ ২০২৩ বৰ্ষৰ ২৫ জানুৱাৰীত ছবিঘৰলৈ আহিব পাঠান। ছবিখন হিন্দী, তামিল আৰু তেলেগু ভাষাত মুক্তি দিয়া হ’ব।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.