Socialঅভিনয়বলিউড

ৰাহুল গান্ধীৰ প্ৰেমত পৰিছিল অভিনেত্ৰী কৰীনা কাপুৰ! ৰাহুলৰ সৈতে ডেটত যাব বিচাৰিছিল অভিনেত্ৰী কৰীনা

সামাজিক মাধ্যমৰ এক বিশেষ সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰে কৰীনা কাপুৰে

ৰাহুল গান্ধীৰ প্ৰেমত পৰিছিল অভিনেত্ৰী কৰীনা কাপুৰ! ৰাহুলৰ সৈতে ডেটত যাব বিচাৰিছিল কৰীনা

 

লাভ লাইফৰ বাবে বিশেষকৈ চৰ্চাত থাকে জনপ্ৰিয় অভিনেত্ৰী কৰীনা কাপুৰ৷ কেইবাগৰাকীও বলীউড তাৰকাৰ সৈতে প্ৰেম সম্পৰ্কৰ বাবে নাম সাঙোৰ খাইছিল কৰীনা কাপুৰৰ৷ ছাহিদ কাপুৰ, চেইফ আলি খানৰ লগত সম্পৰ্কৰ বাবে সামাজিক মাধ্যমতো চৰ্চাত থাকে অভিনেত্ৰীগৰাকী৷ কিন্তু ছাহিদ, চেইফৰ বাহিৰেও কৰীনা কাপুৰ Diwana আছিল এজন ৰাজনৈতিক নেতাৰ৷ সেইজনেই হৈছে প্ৰদেশ কংগ্ৰেছৰ যুৱনেতা ৰাহুল গান্ধী৷ কৰিনাই ডেট কৰিব বিচাৰিছিল ৰাহুল গান্ধীৰ লগত৷ সামাজিক মাধ্যমৰ এক বিশেষ সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰে কৰীনা কাপুৰে৷ তেঁও উল্লেখ কৰা অনুসৰি ৰাহুল গান্ধীৰ ডেট কৰাৰ আঁৰত আছিল কৰিনা কাপুৰৰ এক স্মাৰ্ট টেকনিক৷

Rendezvous With Simi Garewalৰ এটা খণ্ডত ৰাহুল গান্ধীৰ ওপৰত Crush থকাৰ কথা স্বীকাৰ কৰে কৰীনা কাপুৰে। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা শ্ব’টোৰ এটা ভিডিঅ’ত ছিমি গ্ৰেৱালে কৰীনা কাপুৰক সুধিছে যে তেওঁ কাক ডেট কৰিব বিচাৰে, ইয়াৰ উত্তৰত কৰীনাই কয়, ‘মই এই কথা ক’ম নে নক’ম নাজানো, কিন্তু মই ৰাহুল গান্ধীক জানিব বিচাৰো আৰু ডেট যাব বিচাৰো।’

লগতে কৰীনাই উল্লেখ কৰিছিল যে পূৰ্বে ‘আলোচনীত ৰাহুল গান্ধীৰ ফটোবোৰ দেখি ভাবিছিলো তেওঁৰ লগত কথা পাতিলে কেনেকুৱা হ’ব। মই চলচ্চিত্ৰৰ বেকগ্ৰাউণ্ডৰ পৰা আহিছো আৰু তেওঁ ডাঙৰ ৰাজনৈতিক পৰিয়ালৰ। গতিকে আমাৰ মাজত হোৱা কথা-বতৰাও আকৰ্ষণীয় হ’ব বুলি মই ভাবো’।

এতিয়া কৰীনা কাপুৰো বিবাহপাশত আবদ্ধ হৈ ২টা সন্তানৰ মাতৃ । আনহাতে ৰাহুল গান্ধীয়ে সম্প্ৰতি ৰাজনীতিত মনোনিৱেশ কৰিছে। এতিয়া তেওঁলোকৰ মাজত কোনোধৰণৰ সম্পৰ্ক নাই। কেৱল এটা সময়ত চেইফ আলী খানৰ পূৰ্বে কৰীনাৰ ডেটত যাবলৈ মন আছিল ৰাহুল গান্ধীৰ সৈতে।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen − 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.