অসমদুৰ্ঘটনা

খেতিপথাৰতে ছাই হ’ল কৃষকৰ ফচল, মূৰে-কপালে হাত দিলে খেতিয়কে

পৰৱৰ্তী সময়ত স্হানীয় ৰাইজে ট্ৰেক্টৰেৰে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হোৱাৰ লগতে বাকী প্ৰায় ৫০ বিঘা মাটিৰ ধান খেতি জ্বলি যোৱাৰ পৰা বচাবলৈ সক্ষম হয়।

নিমিষতে ছাৰখাৰ কৃষকৰ সপোন। জুইত জাহ গ’ল কৃষকৰ কষ্টোপাৰ্জিত ফচল। কামৰূপৰ উখুৰাৰ পশ্চিম পাৰৰ কৃষিভূমিত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড। চকুৰ সন্মুখতে জ্বলি ছাই হৈ গ’ল দৰিদ্ৰ কৃষকৰ সপোন। লখিমী ঘৰলৈ অনাৰ আগতেই পথাৰতে জ্বলি ছাই হ’ল প্ৰায় ২৫ বিঘা ধানখেতি।

অৱশ্যে, এই ঘটনা কেনেকৈ সংঘটিত হ’ল সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই। অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতেই ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হয় যদিও জুই নুমুৱাবলৈ সক্ষম নহ’ল অগ্নি নিৰ্বাপক বাহিনী। পৰৱৰ্তী সময়ত স্হানীয় ৰাইজে ট্ৰেক্টৰেৰে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হোৱাৰ লগতে বাকী প্ৰায় ৫০ বিঘা মাটিৰ ধান খেতি জ্বলি যোৱাৰ পৰা বচাবলৈ সক্ষম হয়।

কিন্তু অতি কষ্টৰে দৰিদ্ৰ কৃষকসকলে কৰা খেতিৰ ফচল নষ্ট হোৱাত এতিয়া মূৰে-কপালে হাত দিছে দুৰ্ভগীয়া কৃষকসকলে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.