অসমআঞ্চলিককৃষি

অসমৰ ক’ত আছে নেমু টেঙাৰে ভৰি থকা গাঁওখন?

ডিব্ৰুগড় জিলা প্ৰশাসন আৰু কৃষি বিভাগে নেমু উৎপাদন আৰু বিক্ৰীৰ জৰিয়তে ১২৫টা পৰিয়ালক স্বাৱলম্বী হোৱাত সহায় কৰিব।

আপোনাৰ বাৰীত নেমুটেঙাৰ গছ আছেনে? নেমুটেঙাৰ বাবে স্বীকৃতি লাভ কৰিছে অসমৰে এখন ভিতৰুৱা গাঁৱে। এই গাঁওখন হৈছে ডিব্ৰুগড়ৰ চেলেং চুক গাঁও।

ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ দূৰত অৱস্থিত এইখন চেলেং চুক গাঁও। নেমু খেতিৰ বাবে জনাজাত এইখন গাঁও। গাওঁখনত প্ৰচুৰ পৰিমাণে উপলব্ধ ‘গোল নেমু’ আৰু ‘কাজি নেমু’।

জিআই-প্ৰমাণিত ‘কাজি নেমু’য়ে ইতিমধ্যে বিদেশী বজাৰত যথেষ্ট প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। ডিব্ৰুগড়ৰ এই নেমুৰ প্ৰজাতিটো ৰাজ্যৰ আন প্ৰান্তৰ কৃষকসকলে ডুবাই আৰু লণ্ডনলৈ ৰপ্তানি কৰিছে।

উল্লেখযোগ্য যে, ডিব্ৰুগড় জিলা প্ৰশাসন আৰু কৃষি বিভাগে বৃহৎ পৰিমাণৰ নেমু উৎপাদন বৃদ্ধি কৰাৰ বাবে চেলেং চুকক এক আদৰ্শ নেমু গাওঁ হিচাপে বিকশিত কৰাৰ সিদ্ধান্ত লৈছে। গাওঁখনত ১০,০০০ নেমু গছৰ গছপুলি ৰোপণ কৰাৰ পৰিকল্পনাৰ জিলা প্ৰশাসনৰ।

এই কাৰ্যসূচীৰ জৰিয়তে, ডিব্ৰুগড় জিলা প্ৰশাসন আৰু কৃষি বিভাগে নেমু উৎপাদন আৰু বিক্ৰীৰ জৰিয়তে ১২৫টা পৰিয়ালক স্বাৱলম্বী হোৱাত সহায় কৰিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven + sixteen =

Back to top button