নাগালেণ্ড

ক্ষোভত জ্বলিছে নাগালেণ্ড, কৰ্তন কৰা হ’ল ইন্টাৰনেট সেৱা

নাগালেণ্ডৰ অতিং গাঁৱত কয়লাখনিৰ পৰা উভতি অহা লোকক গুলীয়াই হত্যা কৰে নিৰাপত্তাৰক্ষীয়ে। তাৰ পিছতেই ক্ষোভিত নগা ৰাইজে জ্বলাই দিয়ে আছাম ৰাইফলছৰ শিবিৰ। 

পুনৰ উত্তপ্ত নাগালেণ্ড। তিৰুৰ ঘটনাক কেন্দ্ৰ কৰি জ্বলিছে চুবুৰীয়া জিলা নাগালেণ্ড। অধিক ভয়ানক হৈ পৰিছে নাগালেণ্ডৰ মন জিলাৰ পৰিস্থিতি।

শনিবাৰে, বিয়লি ৪ বজাত নাগালেণ্ডত সংঘটিত হয় গুলীয়াগুলীৰ ঘটনা। নাগালেণ্ডৰ অতিং গাঁৱত কয়লাখনিৰ পৰা উভতি অহা লোকক গুলীয়াই হত্যা কৰে নিৰাপত্তাৰক্ষীয়ে। তাৰ পিছতেই ক্ষোভিত নগা ৰাইজে জ্বলাই দিয়ে আছাম ৰাইফলছৰ শিবিৰ।

সেনাৰ শিবিৰত আক্ৰমণ কৰে ২০-৩০ হাজাৰ ক্ষোভিত নগা লোকে। ২৭ নং আছাম ৰাইফলছৰ সেনা চাউনিত সহস্ৰাধিক নগা লোকে অগ্নি সংযোগ কৰাৰ লগতে ক্ষোভিত ৰাইজে জ্বলালে কন্যাক ইউনিয়নৰ মুখ্য কাৰ্যালয়। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ শূণ্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয় সেনা জোৱান।

ঘটনাৰ পিছতেই মন জিলাৰ অতিঙত ম’বাইল ইন্টাৰনেট সেৱা কৰ্তন কৰা হয়। লগতে ক’হিমাত অনুষ্ঠিত হোৱা হৰ্ণবিল ফেষ্টিভেল বাতিলৰ বাবেও নিৰ্দেশ দিয়ে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ই।

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.