অসমচিকিৎসা

জাপানীজ এনকেফেলাইটিছত মৃত্যুৰ সংখ্যা ৬৩ গৰাকীলৈ বৃদ্ধি

অসমত সংহাৰী ৰূপত জাপানীজ এনকেফেলাইটিছ, মৃতকৰ সংখ্যা ৬৩ গৰাকীলৈ বৃদ্ধি

অসমত বিগত কিছুদিনৰ পৰা সংহাৰী ৰূপ ধাৰণ কৰিছে জাপানীজ এনকেফেলাইটিছে। বিগত ৩৭ দিনত ৰাজ্যখনত এই ৰোগত আক্ৰান্ত হৈ ৩৬ গৰাকীয়ে মৃত্যুমুখত পৰিছে। শনিবাৰৰ দিনলৈ এই ৰোগত ৩৪৭ গৰাকী লোক আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।

নগাওঁত শনিবাৰে ৩ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ডিব্ৰুগড়, কামৰূপ মেট্ৰ’ আৰু কাছাৰকে ধৰি ১০ জিলাত সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছে।

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তথ্য অনুসৰি, ৩৫ খন জিলাৰ ভিতৰত ২২ খন জিলাত এই ৰোগত আক্ৰান্ত হৈ ৬৩ গৰাকী লোক মৃত্যুমুখত পৰিছে। বিগত বৰ্ষত এই ৰোগত আক্ৰান্ত হৈ ৪০ গৰাকী লোক মৃত্যুমুখত পৰিছিল।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

6 + one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.