AssamhealthRegionalSocial

আপোনাৰ শৰীৰৰ বাবে ঔটেঙা কিমান উপকাৰী?

ঔটেঙাৰ ঔষধি গুণাগুণৰ কথা জানেনে?

“ঔটেঙা, টেকীয়া,পুঠি মাছৰ জোল,
খালেহে গম পাবা সোৱাদৰে মূল”

উক্ত বাক্য কেইশাৰী শুনিছে নিশ্চয়। ঔটেঙাৰ কথা ওলালেই আমাৰ সকলোৰে জিভাৰ পানী পৰিবলৈ ধৰে । ঔটেঙা হ’ল এনে এবিধ টেঙা সোৱাদযুক্ত ফল বা পাচলি, যাক নোখোৱা মানুহ হয়তো খুব কমেই ওলাব । ঔটেঙাৰ বৈজ্ঞানিক নাম ‘Dillenia Indica’।

অসমীয়া খাদ্য সংস্কৃতিত ঔটেঙাৰ এক বিশেষ স্থান আছে । ইয়াক প্ৰধানকৈ গৰমৰ দিনত দাইল বা অন্য় তৰকাৰীত ব্যৱহাৰ কৰি খোৱা হয়। বিশেষকৈ আমাৰ অসমীয়া জুতিত বিভিন্ন সৰু- ডাঙৰ মাছৰ লগত তৰকাৰী কৰি খোৱা হয়। এনে ধৰণৰ বিভিন্ন প্ৰকাৰৰ ব্যঞ্জনত ঔটেঙাৰ প্ৰয়োগে ইয়াৰ সোৱাদ দুগুণে বৃদ্ধি কৰি তুলে।

ঔটেঙাৰ ঔষধি গুণাগুণ কি?

পাচনতন্ত্র সুস্থ ৰখাৰ ক্ষেত্ৰত ই এক প্ৰভাৱশালী ঔষধ । ঔটেঙাত কম বেছি পৰিমাণে প্ৰটিন,আঁহ, চৰ্বি,ফাইবাৰ, লছিয়াম,ফছফৰাছ ৰু এচক’ৰবিক এচিড পোৱা যায় । টেঙা খালে পেট পৰিষ্কাৰ হয়, যাৰ দ্বাৰা অজীৰ্ণ, কোষ্ঠকাঠিন্য আদি পেটৰ বিকাৰসমূহৰ পৰা হাত হাৰি থাকিব পাৰি ।

ঔটেঙাৰ বীজলেৰে চুলি ধুলে মূৰৰ উফিৰ পৰা হাত সাৰিব পাৰি। লগতে চুলিৰ উজ্জলতাও বৃদ্ধি কৰে।

 

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 + 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.