ভাৰত

সতীৰ্থৰ গুলিত প্ৰাণ গ’ল CISF পৰিদৰ্শকৰ

শনিবাৰে কলকাতাৰ ইণ্ডিয়ান মিউজিয়ামত সংঘটিত হয় গুলিচালনাৰ ঘটনা।

কেন্দ্ৰীয় ঔদ্যোগিক বাহিনীৰ জোৱানৰ মাজত ৰহস্যজনক গুলিচালনাৰ ঘটনা। শনিবাৰে কলকাতাৰ ইণ্ডিয়ান মিউজিয়ামত সংঘটিত হয় গুলিচালনাৰ ঘটনাটো।

জানিব পৰা অনুসৰি, মিউজিয়ামৰ সুৰক্ষাৰ দায়িত্বত থকা চিআইএছএফ বাহিনীৰ এটা গোটৰ মাজত প্ৰথমে কাজিয়াৰ সূত্ৰপাত হয়। পৰৱৰ্তী সময়ত কাজিয়াই চূড়ান্ত ৰূপ লৈ পৰিস্থিতি গুলিচালনালৈ গতি কৰে।

চিআইএছএফৰ এজন জোৱানৰ গুলিত সেইসময়ত দায়িত্ব পালন কৰি থকা বাহিনীটোৰ এগৰাকী উপ-পৰিদৰ্শক, এগৰাকী পৰিদৰ্শক আৰু এগৰাকী সহকাৰী মহাপৰিদৰ্শক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। হাস্পতাললৈ নিয়াৰ পথত উপ-পৰিদৰ্শকগৰাকীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − thirteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.