অসমদৈনিক বাতৰি

বিজনীৰ পাণবাৰী চাউৰাঙত বন গৰুৰ সন্ত্ৰাস

বিজনীৰ পাণবাৰী চাউৰাঙত বন গৰুৰ সন্ত্ৰাস

বিজনীৰ পাণবাৰী চাউৰাঙত বন গৰুৰ সন্ত্ৰাস। বন গৰুৰ আক্ৰমণত গুৰুতৰভাবে আহত দুজন লোক।আ হত লোক দুজন ৩ নং চাউৰাঙৰ দেউলসিং মুছাহাৰী আৰু নিজ দামুগাঁৱৰ হাফিজুৰ ৰহমান। ইয়াৰে হাফিজুৰক মাণিকপুৰ আৰু দেউলসিঙক কাজলগাঁও JSB অসামৰিক সিকিংসালয়লৈ প্ৰেৰণ কৰা হৈছে।

মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা তিনিটা বনগৰু জনাঞ্চলত প্ৰবেশ কৰি চলাইছিল সন্ত্ৰাস। বন গৰু তিনিটা সম্প্ৰতি দুটা ভাগত বিভক্ত হৈ ৩ নং চাউৰঙৰ জংঘলত অৱস্থান কৰি আছে। ঘটনাস্থলিত পাণবাৰীৰ বন বিভাগ আৰু আৰক্ষী উপস্থিত হৈ গৰু কেইটাক খেদি পঠিওৱাৰ চেষ্টা অব্যাহত ৰাখিছে। আনহাতে বন বিভাগৰ তৰফৰ পৰা সমগ্ৰ অঞ্চলত মাইকৰ জৰিয়তে ৰাইজক ঘৰৰ পৰা নোলাবলৈ সতৰ্ক বানী জাৰি কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 + four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.