অসমদৈনিক বাতৰিভাৰত

আন্তঃৰাষ্ট্ৰীয় চুইছ মাচাজ চেম্পিয়নশ্বিপৰ বাবে নিৰ্বাচিত হৈছে অসমৰ অনামিকা বৰ্মন দাস

আন্তঃৰাষ্ট্ৰীয় চুইছ মাচাজ চেম্পিয়নশ্বিপৰ বাবে নিৰ্বাচিত হৈছে অসমৰ অনামিকা বৰ্মন দাস

প্ৰথম অসমীয়া এমটিভি ৰ’ডি  অহা ২৯ আৰু ৩০ এপ্ৰিলত চুইজাৰলেণ্ডত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চুইছ মাচাজ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত হৈছে। উক্ত গ্ৰেণ্ড ইভেণ্টত অসম, উত্তৰ-পূৱৰ লগতে দেশক প্ৰতিনিধিত্ব কৰিব।

শনিবাৰে দিশপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল সম্বােধন কৰি এই কথা ব্যক্ত কৰে প্ৰথমগৰাকী ভাৰতীয় প্ৰতিযোগী অনামিকাই। তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় চুইছ মাচাজ চেম্পিয়নশ্বিপ সম্পৰ্কে দেশত এতিয়াও বহু লোক জ্ঞাত নহয়। কিন্তু বাহিৰৰ দেশত এই প্ৰতিযোগিতা অতি বৰ্ণাঢ্যভাৱে অনুষ্ঠিত কৰা হয়।

ইপিনে, নিজৰ গাঁঠিৰ ধন ভাঙি এক ব্যয়বহুল আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাগ ল’বলৈ আগবঢ়া অনামিকাই বিচাৰিছে চৰকাৰৰ আৰ্থিক সাহাৰ্য্য। উল্লেখ্য যে বৰ্তমান গুৱাহাটীৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ (Sports Authority of India) NCOE (National Centre of Excellence) স্পৰ্টছ মাচাজ থেৰাপিষ্ট হিচাপে কৰ্মৰত অনামিকাৰ তত্বাৱধানত আছিল তাৰকা খেলুৱৈ লাভলীনা বৰগোঁহাই, হিমা দাস, অংকুশিতা বড়ো, যমুনা বড়ো আদি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.