politicalভাৰত

কাশ্মীৰত অনুষ্ঠিত হ’বলগীয়া G-20ৰ বৈঠকত প্ৰথমবাৰৰ বাবে অধ্যক্ষতা কৰিব ভাৰতে

১ ডিচেম্বৰৰ পৰা কাশ্মীৰত অনুষ্ঠিত হ'ব G-20ৰ বৈঠক

১ ডিচেম্বৰত আনুষ্ঠানিকভাৱে জি-২০ গোটৰ অধ্যক্ষপদ গ্ৰহণ কৰিব ভাৰতে। ভাৰত এবছৰৰ বাবে জি-২০ৰ অধ্যক্ষ হ’ব য’ত দেশৰ ৫৫ টা বিভিন্ন স্থানত সংগঠনটোৰ ২০০ তকৈও অধিক বৈঠক অনুষ্ঠিত হ’ব। ভাৰত প্ৰথম বাৰৰ বাবে জি-২০ৰ এখন আয়োজক দেশ য’ত ৫০ খনতকৈও অধিক চহৰত মিলিত হ’ব। ইয়াৰ পূৰ্বে, চীনত ১৪ খন চহৰ আৰু ইণ্ডোনেছিয়াত ২০ খনতকৈও অধিক চহৰত জি-২০ বৈঠক অনুষ্ঠিত কৰিছিল। কেৱল এয়াই নহয়, ই যোৱা ৭৫ বছৰত ভাৰতৰ আটাইতকৈ ডাঙৰ আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান হ’ব। ভাৰতৰ জি-২০ অধ্যক্ষতা ১ ডিচেম্বৰত আৰম্ভ হ’ব।

 

৫ ডিচেম্বৰত জি-২০ প্ৰস্তুতিৰ ওপৰত আহ্বান কৰা হৈছে সৰ্বদলীয় বৈঠক। অহা এবছৰৰ ভিতৰত ভাৰতে আয়োজন কৰিবলগা জি-২০ গোটৰ বৈঠকৰ বাবে ভাৰতৰ পৰিকল্পনা আৰু প্ৰস্তুতিৰ বিষয়ে নেতাসকলক অৱগত কৰিবলৈ চৰকাৰে ৫ ডিচেম্বৰত এক সৰ্বদলীয় বৈঠক আহ্বান কৰিছে। পিটিআইৰ মতে, সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি ৪০ টা দলৰ অধ্যক্ষক আমন্ত্ৰণ জনাইছে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.