politicalভাৰত

কাশ্মীৰত অনুষ্ঠিত হ’বলগীয়া G-20ৰ বৈঠকত প্ৰথমবাৰৰ বাবে অধ্যক্ষতা কৰিব ভাৰতে

১ ডিচেম্বৰৰ পৰা কাশ্মীৰত অনুষ্ঠিত হ'ব G-20ৰ বৈঠক

১ ডিচেম্বৰত আনুষ্ঠানিকভাৱে জি-২০ গোটৰ অধ্যক্ষপদ গ্ৰহণ কৰিব ভাৰতে। ভাৰত এবছৰৰ বাবে জি-২০ৰ অধ্যক্ষ হ’ব য’ত দেশৰ ৫৫ টা বিভিন্ন স্থানত সংগঠনটোৰ ২০০ তকৈও অধিক বৈঠক অনুষ্ঠিত হ’ব। ভাৰত প্ৰথম বাৰৰ বাবে জি-২০ৰ এখন আয়োজক দেশ য’ত ৫০ খনতকৈও অধিক চহৰত মিলিত হ’ব। ইয়াৰ পূৰ্বে, চীনত ১৪ খন চহৰ আৰু ইণ্ডোনেছিয়াত ২০ খনতকৈও অধিক চহৰত জি-২০ বৈঠক অনুষ্ঠিত কৰিছিল। কেৱল এয়াই নহয়, ই যোৱা ৭৫ বছৰত ভাৰতৰ আটাইতকৈ ডাঙৰ আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান হ’ব। ভাৰতৰ জি-২০ অধ্যক্ষতা ১ ডিচেম্বৰত আৰম্ভ হ’ব।

 

৫ ডিচেম্বৰত জি-২০ প্ৰস্তুতিৰ ওপৰত আহ্বান কৰা হৈছে সৰ্বদলীয় বৈঠক। অহা এবছৰৰ ভিতৰত ভাৰতে আয়োজন কৰিবলগা জি-২০ গোটৰ বৈঠকৰ বাবে ভাৰতৰ পৰিকল্পনা আৰু প্ৰস্তুতিৰ বিষয়ে নেতাসকলক অৱগত কৰিবলৈ চৰকাৰে ৫ ডিচেম্বৰত এক সৰ্বদলীয় বৈঠক আহ্বান কৰিছে। পিটিআইৰ মতে, সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি ৪০ টা দলৰ অধ্যক্ষক আমন্ত্ৰণ জনাইছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − thirteen =

Back to top button