Assamassam policeCity newsInternationalnationalnorth eastPMo indiaSocialSocial Networkঅপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

ISISক সমৰ্থন IIT গুৱাহাটীৰ ছাত্ৰৰ

LinkedInত পোষ্ট তৌছিফ আলী ফাৰুকীৰ

ISISক সমৰ্থন IIT গুৱাহাটীৰ ছাত্ৰৰ। LinkedInত পোষ্ট দি STFৰ জালত বায়’টেকন’লজীৰ ছাত্ৰ তৌছিফ আলী ফাৰুকী। শনিবাৰে সন্ধিয়া ৰাজহুৱা হৈছিল তৌছিফ আলী ফাৰুকীৰ LinkedIn পোষ্ট । ভাৰতীয় সংবিধানকো অৱমাননা কৰিছিল ফাৰুকীয়ে। সেই বিতৰ্কিত পোষ্ট ৰাজহুৱা হোৱাৰ পাছতে আৰক্ষীয়ে অভিযান চলাই । আনহাতে হুৱাদুৱা লাগিল IIT গুৱাহাটীত । দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠানৰ ছাত্ৰই দিয়া ভাৰত বিৰোধী পোষ্ট দেখা মাত্ৰকে IIT কৰ্তৃপক্ষয়ো বিচাৰিলে তৌছিফ আলী ফাৰুকীক। কিন্তু IIT কেম্পাচৰ ভিতৰত কৰ্তৃপক্ষই বিচাৰি নাপালে তৌছিফ আলী ফাৰুকীক। তৌছিফৰ সন্ধান ওলাল হাজোৰ দমদমাত। হাতত ইছলামিক পতাকা লৈ গুৱাহাটীৰ পৰা হাজোলৈ খোজকাঢ়ি গৈ থকা তৌছিফ আলী ফাৰুকীক আৱদ্ধ কৰিলে ধমধমাৰ ৰাইজে। ধৰা পৰাৰ পাছতো সমৰ্থন কৰা দেখা গ’ল তৌছিফ। মোবাইল কেমেৰাৰ সন্মূখতে হাতৰ পতাকাখন ISISৰ বুলি দম্ভালি মাৰিলে তৌছিফ আলী ফাৰুকীয়ে। তেতিয়াই স্থানীয় লোকে জব্দ কৰিলে তৌছিফে লগত অনা দুটাকৈ চোকা অস্ত্ৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 + seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.